দেশৰ বিভিন্ন প্ৰান্তৰ ৫৭৯টা মূল্য নিৰীক্ষণ কেন্দ্ৰই দাখিল কৰা ৪১বিধ খাদ্য সামগ্ৰীৰ দৈনিক মূল্য নিৰীক্ষণ কৰি থকা হৈছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী বি এল বার্মাই কয় যে পশ্চিম এছিয়া সংঘাতৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই সংকটৰ প্ৰভাৱৰ মূল্যায়ন আৰু পৰিস্থিতি নিৰীক্ষণৰ বাবে ৭টা ক্ষমতাপ্রাপ্ত গোট গঠন কৰিছে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।
মন্ত্ৰীগৰাকীয়ে কয় যে দৈনিক মূল্যৰ ধাৰা অনুসৰি পশ্চিম এছিয়াৰ সংঘৰ্ষ আৰু গোলকীয় যোগান শৃংখলা বিঘ্নিত হোৱা সত্বেও গোটা দানাজাতীয় শস্য আৰু দাইলৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য সুস্থিৰ হৈ আছে।
দেশত ২০২৫-২৬ বৰ্ষত অভিলেখ পৰিমাণৰ ৩,৭৬৫,০৬৩ হাজাৰ টন খাদ্যশস্যৰ উৎপাদন আৰু চৰকাৰৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ খাদ্যসামগ্ৰী মজুত থকাৰ বাবে অত্যাৱশ্যকীয় খাদ্যসামগ্ৰীসমূহৰ মূল্য সুস্থিৰ হৈ আছে বুলি শ্ৰীবার্মাই প্রকাশ কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে ভূ-ৰাজনৈতিক সংঘাতৰ বাবে হোৱা ইন্ধনৰ বৰ্ধিত মুদ্রাস্ফীতিৰ পৰা উপভোক্তাসকলক সুৰক্ষিত কৰাৰ বাবে গ্ৰাহক পৰিক্ৰমা বিভাগে মূল্যৰ নিৰীক্ষণ আৰু অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু ক’লা বজাৰ প্ৰতিৰোধী আইন তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান বৰ্তাই ৰখাৰ সৈতে জড়িত ১৯৮০ চনৰ আইন বলবৎ কৰাৰ উদ্দেশ্যে নিয়ন্ত্রণ কক্ষ স্থাপন কৰিছে।