August 5, 2026 7:42 PM

views 20

দেশৰ বিভিন্ন প্ৰান্তৰ ৫৭৯টা মূল্য নিৰীক্ষণ কেন্দ্ৰই দাখিল কৰা ৪১বিধ খাদ্য সামগ্ৰীৰ দৈনিক মূল্য নিৰীক্ষণ কৰি থকা হৈছে

দেশৰ বিভিন্ন প্ৰান্তৰ ৫৭৯টা মূল্য নিৰীক্ষণ কেন্দ্ৰই দাখিল কৰা ৪১বিধ খাদ্য সামগ্ৰীৰ দৈনিক মূল্য নিৰীক্ষণ কৰি থকা হৈছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী বি এল বার্মাই কয় যে পশ্চিম এছিয়া সংঘাতৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই সংকটৰ প্ৰভাৱৰ মূল্যায়ন আৰু পৰিস্থিতি নিৰীক্ষণৰ বাবে ৭টা ক্ষমতাপ্রাপ্ত গোট গঠন কৰিছে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে দৈনিক মূল্যৰ ধাৰা অনুসৰি পশ্চিম এছিয়াৰ সংঘৰ্ষ আৰু গোলক...

April 1, 2025 7:26 PM

views 35

দেশত আজিৰে পৰা প্ৰায় ৯০০ বিধ ঔষধৰ মূল্যবৃদ্ধি কার্যকৰী

দেশত আজিৰে পৰা প্ৰায় ৯০০ বিধ ঔষধৰ মূল্যবৃদ্ধি কার্যকৰী হৈছে। এই ঔষধসমূহৰ মূল্য ১ দশমিক ৭ ৪ শতাংশ বৃদ্ধি পাইছে। মধুমেহ, উচ্চ ৰক্তচাপ, হৃদৰোগ, সংক্ৰমণৰ চিকিৎ‍সাজনিত ঔষধকে ধৰি ভালেসংখ্যক লোকৰ ঔষধৰ মূল্য আজিৰেপৰা বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় ভেষজ মূল্য নিয়ন্ত্ৰণ প্ৰাধিকৰণে পাইকাৰী মূল্য সূচকৰ ওপৰত নিৰ্ভৰ কৰি এই ঔষধসমূহৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে প্ৰতিবছৰে ঔষধসমূহৰ মূল্যৰ ক্ষেত্ৰত প্ৰাধিকৰণে সংশোধনী ঘটাই যদিও বিগত বৰ্ষত এই মূল্যবৃদ্ধি দশমিক ০০৫৫ শতাংশহে আছিল।