দেশত আজিৰে পৰা প্ৰায় ৯০০ বিধ ঔষধৰ মূল্যবৃদ্ধি কার্যকৰী হৈছে। এই ঔষধসমূহৰ মূল্য ১ দশমিক ৭ ৪ শতাংশ বৃদ্ধি পাইছে। মধুমেহ, উচ্চ ৰক্তচাপ, হৃদৰোগ, সংক্ৰমণৰ চিকিৎসাজনিত ঔষধকে ধৰি ভালেসংখ্যক লোকৰ ঔষধৰ মূল্য আজিৰেপৰা বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় ভেষজ মূল্য নিয়ন্ত্ৰণ প্ৰাধিকৰণে পাইকাৰী মূল্য সূচকৰ ওপৰত নিৰ্ভৰ কৰি এই ঔষধসমূহৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে প্ৰতিবছৰে ঔষধসমূহৰ মূল্যৰ ক্ষেত্ৰত প্ৰাধিকৰণে সংশোধনী ঘটাই যদিও বিগত বৰ্ষত এই মূল্যবৃদ্ধি দশমিক ০০৫৫ শতাংশহে আছিল।
Assamese | April 1, 2025 7:26 PM | Medicine Price Hike
দেশত আজিৰে পৰা প্ৰায় ৯০০ বিধ ঔষধৰ মূল্যবৃদ্ধি কার্যকৰী