August 6, 2026 8:44 PM | Union Cabinet

printer

ৰাষ্ট্ৰীয় জৈৱ শক্তি আঁচনি গোবর্ধনৰ বাবে কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই আজি মুঠ ২৩ হাজাৰ ৭৩১ কোটি টকাৰ ৰাষ্ট্ৰীয় জৈৱ শক্তি আঁচনি গোবর্ধনৰ বাবে অনুমোদন জনায়। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণবে কয়, যে এই আঁচনিয়ে ডেৰ লাখ চাকৰিৰ সৃষ্টি কৰিব। ভাৰতৰ সেউজ শক্তিৰ যাত্ৰাত গোবর্ধনে বিশেষ মাত্ৰা প্ৰদান কৰিব। এই আঁচনিয়ে দেশৰ পৰ্যাপ্ত কৃষি আৱৰ্জনা, গৰুৰ গোবৰ, বোকা, পৌৰ নিগমৰ জৈৱিক আৱৰ্জনা আৰু অন্যান্য জৈৱ বস্তুৰ উৎসৰ সেউজ ইন্ধন, গ্রাম্য আয় আৰু ৰাষ্ট্ৰীয় অর্থনৈতিক মূল্যলৈ ৰূপান্তৰিত কৰিব। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩৫-৩৬ বর্ষলৈ এই আঁচনি ৰূপায়ণ কৰা হ’ব। ভাৰতৰ ভৱিষ্যৎ শক্তি মিশ্রণত সংকুচিত জৈৱ গেছ এটা গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে পৰিগণিত হ’ব। এই আঁচনিয়ে ঘৰুৱা সংকুচিত জৈৱ গেছ ১০ শতাংশ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। সমগ্র দেশতে জৈৱিক অর্থনীতি বৃদ্ধি কৰাৰ বাবে বৃহৎ পৰিসৰত ব্যক্তিগত বিনিয়োগক উৎসাহিত কৰা হ’ব।

কেন্দ্ৰীয় মন্ত্রীসভাই আজি অসমৰ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে প্রায় ১৩৬ কিলোমিটাৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথক চাৰিটা শাৰীলৈ উন্নীত কৰাৰ বাবে অনুমোদন জনায়। ৮ হাজাৰ ১৭০ কোটি টকা ব্যয়েৰে এই পথটো সম্প্ৰসাৰণ কৰা হ’ব। ভাৰতীয় বিমান বাহিনীৰ সহযোগিতাত তেজপুৰ বাইপাছত জৰুৰীকালীন সময়ত বিমানৰ উৰণ-অৱতৰণৰ সুবিধা হোৱাকৈ এই ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰা হ’ব। এই আঁচনিৰ অধীনত বাইহাটা চাৰিআলি, ছিপাঝাৰ, খাৰুপেটীয়া, ঢেকীয়াজুলি আৰু তেজপুৰত প্রায় ৫৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৫টা বাইপাছ নির্মাণ কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।