August 6, 2026 9:21 PM | PM Surya Ghar

printer

প্রধানমন্ত্রী সূর্যঘৰ বিনামূলীয়া বিদ্যুৎ যোজনাৰ হিতাধিকাৰীৰ সংখ্যাই ৫০ লাখ অতিক্ৰম কৰিছে : প্রহ্লাদ যোশী

প্রধানমন্ত্রী সূর্যঘৰ বিনামূলীয়া বিদ্যুৎ যোজনাৰ হিতাধিকাৰী পৰিয়ালৰ সংখ্যাই ৫০ লাখ অতিক্ৰম কৰিছে বুলি নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে প্রকাশ কৰিছে। নতুন দিল্লীত আয়োজিত ভাৰতীয় উদ্যোগ মহাসংঘৰ আন্তঃৰাষ্ট্ৰীয় শক্তি সম্মিলন আৰু প্রদর্শনীত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে সম্প্রতি ১৯ লাখ পৰিয়ালৰ বিদ্যুৎ মাচুল শূন্য হৈছে। শ্রীযোশীয়ে কয়, যে এই আঁচনিৰ জৰিয়তে ১২ লাখৰো অধিক পৰিয়ালে ৰাহি বিদ্যুৎ বিক্রী কৰি ৪২১ কোটি টকা উপাৰ্জন কৰিছে। অজীৱাহ্ম ইন্ধন সামর্থ সন্দৰ্ভত মত প্রকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে দেশ ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট এনে শক্তি আহৰণৰ দিশে অগ্ৰসৰ হৈছে। খণ্ডটোৰ বিভিন্ন প্ৰত্যাহ্বান দূৰ আৰু নতুন সুযোগৰ অন্বেষণ কৰিবলৈ উদ্যোগ জগতৰ অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠ আলোচনাৰ প্ৰতি চৰকাৰ বদ্ধপৰিকৰ বুলি মন্ত্ৰীগৰাকীয়ে দোহাৰে। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, বাসগৃহৰ চাদত সৌৰ পেনেল স্থাপন কৰাৰ হাৰ বিগত ৯ মাহত ৩ দশমিক ২ শতাংশৰো অধিক বৃদ্ধি হৈছে। বিগত বৰ্ষৰ অক্টোবৰ মাহত প্ৰতি দিনে ৫ হাজাৰ সংস্থাপন কৰাৰ বিপৰীতে চলিত বৰ্ষৰ জুলাই মাহত ১৬ হাজাৰৰো অধিক সৌৰ পেনেল স্থাপন কৰা হয়।

অনুষ্ঠানত তীখা আৰু গুৰু উদ্যোগ দপ্তৰৰ মন্ত্রী এইচ ডি কুমাৰ স্বামীয়ে কয়, যে গোলকীয় শক্তি শংখলাত নেতৃত্ব লোৱাৰ ক্ষেত্ৰত ভাৰতে স্থিতিস্থাপক যোগান শৃংখলা গঢ়ি তুলিব লাগিব। বিশ্বৰ দ্বিতীয় সর্বাধিক তীখা উৎপাদনকাৰী দেশ হিচাপে ভাৰতক অভিহিত কৰি তেওঁ কয়, যে বহনক্ষম তীখা গোলকীয় চাহিদাৰ সমান্তৰালকৈ ভাৰতৰ বৰ্ধিত আন্তঃগাঁথনি আৰু উৎপাদনৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ ক্ষেত্ৰত ভাৰত সবল স্থিতিত আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।