August 6, 2026 9:21 PM

views 22

প্রধানমন্ত্রী সূর্যঘৰ বিনামূলীয়া বিদ্যুৎ যোজনাৰ হিতাধিকাৰীৰ সংখ্যাই ৫০ লাখ অতিক্ৰম কৰিছে : প্রহ্লাদ যোশী

প্রধানমন্ত্রী সূর্যঘৰ বিনামূলীয়া বিদ্যুৎ যোজনাৰ হিতাধিকাৰী পৰিয়ালৰ সংখ্যাই ৫০ লাখ অতিক্ৰম কৰিছে বুলি নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে প্রকাশ কৰিছে। নতুন দিল্লীত আয়োজিত ভাৰতীয় উদ্যোগ মহাসংঘৰ আন্তঃৰাষ্ট্ৰীয় শক্তি সম্মিলন আৰু প্রদর্শনীত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে সম্প্রতি ১৯ লাখ পৰিয়ালৰ বিদ্যুৎ মাচুল শূন্য হৈছে। শ্রীযোশীয়ে কয়, যে এই আঁচনিৰ জৰিয়তে ১২ লাখৰো অধিক পৰিয়ালে ৰাহি বিদ্যুৎ বিক্রী কৰি ৪২১ কোটি টকা উপাৰ্জন কৰিছে। অজীৱাহ্ম ইন্ধন সামর্থ সন্দৰ্ভত মত প্রকাশ কৰি মন্ত্ৰীগৰাকীয়ে ...

June 30, 2026 12:56 PM

views 41

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আর্থিক সাহায্য লাভ কৰিব : মুখ্যমন্ত্রী

পি এম সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আর্থিক সাহায্য লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি প্রকাশ কৰে। তেওঁ কয়, যে মধ্যবিত্ত বা দুখীয়া পৰিয়ালক সকাহ দিয়াৰ বাবে তিনি কিলোৱাট ক্ষমতা সম্পন্ন বিজুলী সংযোগৰ ক্ষেত্ৰত চৰকাৰে ৪৫ হজাৰ টকাৰ সাহায্য প্ৰদান কৰিব। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা এই সাহায্যৰ উপৰি ব্যক্তিগতভাবে দিবলগীয়া অংশ সুদ বিহীনভাৱে বেংকৰ পৰা ঋণ ল'ব পাৰিব।

June 26, 2026 1:45 PM

views 39

প্রধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত অসমৰ স্থান লাভ

অসমে প্রধানমন্ত্ৰী সূৰ্যৰ্ঘৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰী সূৰ্যৰ্ঘৰ বিনামূলীয়া বিদ্যুৎ বিজুলী যোজনাৰ সফল ৰূপায়ণে অসমক দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ মাজত স্থান দিছে। তেওঁ লগতে কয়, যে ৰাজ্যৰ ১৭.৬ শতাংশ চাঁদত সৌৰ শক্তি সংযোগ লাভ কৰা উপভোক্তাৰ বিদ্যুৎ মাচুল শূন্য হৈ পৰিছে। সেউজ শক্তিৰ দিশত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।...

August 23, 2024 1:06 PM

views 60

প্রধানমন্ত্ৰী সূৰ্য ঘৰঃ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ প্ৰসাৰ-প্ৰচাৰৰ উদ্দেশ্যে যোৰহাটত সজাগতা সভা

অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, যোৰহাটৰ উদ্যোগত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহ প্ৰেক্ষাগৃহৰ সভাকক্ষত প্রধানমন্ত্ৰী সূৰ্য ঘৰঃ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে এখন সজাগতা সভা অনুষ্ঠিত হয়। এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে ৰুফটপ সৌৰ শক্তি স্থাপনৰ সৰহভাগ ব্যয় বহন কৰিব। আঁচনিখনৰ লক্ষ্য হৈছে – প্ৰতিমাহে ৩০০ ইউনিট পর্যন্ত বিনামূলীয়া বিদ্যুৎ যোগান ধৰি ১ কোটি পৰিয়ালৰ ঘৰ পোহৰাই তোলা। সভাত জিলা আয়ুক্ত, যোৰহাট বৈদ্যুতিক চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়াই ভাষণ...