প্রাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজৰ আজি সপ্তম মৃত্যুবার্ষিকী। এই উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে।
লোকসভাৰ অধ্যক্ষ বিৰলাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয়, যে প্রয়াত স্বৰাজে তেওঁৰ বাকপটুতা, সংবেদনশীল নেতৃত্ব আৰু ৰাষ্ট্ৰৰ স্বাৰ্থৰ প্ৰতি অভূতপূৰ্ব নিষ্ঠাৰ বলত ভাৰতীয় ৰাজনীতিত সুকীয়া স্থান অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল। তেওঁ কয়, যে নেত্ৰীগৰাকীৰ ৰাষ্ট্ৰৰ সেৱাৰ প্ৰতি উৎসৰ্গাৰ মনোভাৱ, কৰ্মশৈলী আৰু জনকল্যাণৰ প্ৰতি প্ৰতিশ্ৰবদ্ধতা সদায় প্ৰেৰণাৰ উৎস হৈ ৰ’ব।
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এটা বাৰ্তাযোগে সুষমা স্বৰাজক উদাৰতা আৰু সৰলতাৰ প্ৰতিমূৰ্তি বুলি অভিহিত কৰে। তেওঁ কয়, যে প্রাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে নিয়মানুৱৰ্তিতা, সততা আৰু অদম্য সাহসেৰে সংগঠনৰ পৰা চৰকাৰলৈ সকলো দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিছিল। তেওঁ কয়, যে বিদেশ মন্ত্ৰালয়ক জনসাধাৰণৰ সৈতে সংযুক্ত কৰা প্ৰয়াত স্বৰাজৰ সৰল জীৱন আৰু কৰ্মশৈলী সদায় স্মৰণীয় হৈ ৰ’ব।