প্রধানমন্ত্ৰী সূৰ্য্যৰ বিনামূলীয়া বিদ্যুৎ যোজনাৰ হিতাধিকাৰী পৰিয়ালৰ সংখ্যাই ৫০ লাখ অতিক্ৰম কৰিছে বুলি নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে।
নতুন দিল্লীত আয়োজিত ভাৰতীয় উদ্যোগ মহাসংঘৰ আন্তঃৰাষ্ট্ৰীয় শক্তি সন্মিলন আৰু প্ৰদৰ্শনীত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে সম্প্ৰতি ১৯ লাখ পৰিয়ালৰ বিদ্যুৎ মাচুল শূন্য হৈছে। শ্ৰীযোশীয়ে কয়, যে এই আঁচনিৰ জৰিয়তে ১২ লাখৰো অধিক পৰিয়ালে ৰাহি বিদ্যুৎ বিক্ৰী কৰি ৪২১ কোটি টকা উপাৰ্জন কৰিছে।
অজীৱাষ্ম ইন্ধন সামর্থ সন্দৰ্ভত মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে দেশ ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট এনে শক্তি আহৰণৰ দিশে অগ্ৰসৰ হৈছে। খণ্ডটোৰ বিভিন্ন প্ৰত্যাহ্বান দূৰ আৰু নতুন সুযোগৰ অন্বেষণ কৰিবলৈ উদ্যোগ জগতৰ অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠ আলোচনাৰ প্ৰতি চৰকাৰ বদ্ধপৰিকৰ বুলি মন্ত্ৰীগৰাকীয়ে দোহাৰে।