উচ্চতম ন্যায়ালয়ে ২০২১ চনত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিত সংঘটিত হিংসাত্মক ঘটনাৰ গোচৰত প্ৰধান অভিযুক্ত আশীষ মিশ্ৰৰ জামিনৰ চৰ্ত শিথিল কৰিবলৈ অস্বীকাৰ কৰিছে। মুখ্য ন্যায়াধীশ সূর্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ভি মোহনাৰে গঠিত বিচাৰপীঠে অভিযুক্তজনৰ জামিনৰ চৰ্ত শিথিল কৰাৰ আবেদন খাৰিজ কৰে।
অভিযুক্তৰ অধিবক্তাই প্ৰকাশ কৰা মতে, মিশ্ৰৰ ওপৰত থকা বৰ্তমানৰ নিষেধাজ্ঞাৰ বাবে তেওঁ কন্যা সন্তানৰ জন্মদিন উয়দাপনকে ধৰি পাৰিবাৰিক অঅনুষ্ঠানসমূহত উপস্থিত থাকিব নোৱাৰে। মুখ্য ন্যায়াধীশে এই আবেদন খাৰিজ কৰি কয় যে গোচৰটোৰ বৰ্তমানৰ পৰ্যায়ৰ এই আবেদন গ্ৰহণ কৰাৰ কোনো ভিত্তি নাই।
উল্লেখযোগ্য যে ২০২১ চনৰ ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰি জিলাৰ টিকুণিয়া গাঁৱত উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌর্যৰ ভ্ৰমণৰ বিৰুদ্ধে কৃষকসকলৰ প্ৰতিবাদৰ সময়ত এই হিংসাত্মক ঘটনা সংঘটিত হৈছিল। ঘটনাত ৪ গৰাকী কৃষককে ধৰি মুঠ ৮ জন লোকৰ মৃত্যু হৈছিল।
ফৰিয়াদি পক্ষৰ অধিবক্তাই উত্থাপন কৰা অভিযোগ অনুসৰি এখন এছ ইউ ভি বাহনে ৪ জন কৃষকক খুন্দা মৰাৰ পাছতে হিংসাত্মক পৰিস্থিতিত এজন গাড়ী চালক, দুজন বিজেপি কৰ্মী আৰু এগৰাকী সাংবাদিকে প্ৰাণ হেৰুৱাইছে। এই গোচৰৰ অভিযুক্তসকলৰ ভিতৰত আশীষ মিশ্র অন্যতম।