August 5, 2026 12:25 PM | india yemen

printer

ভাৰতৰ পতাকাযুক্ত বাণিজ্যিক জাহাজ এম এছ ভি ফইজ নুৰী অলিয়াৰ ওপৰত য়েমেনৰ উপকূলৰ সমীপত সংঘটিত আক্ৰমণক গৰিহণা

ভাৰতে দেশৰ পতাকাযুক্ত বাণিজ্যিক জাহাজ এম এছ ভি ফইজ নুৰী অলিয়াৰ ওপৰত কালি য়েমেনৰ উপকূলৰ সমীপত সংঘটিত আক্ৰমণৰ ঘটনাক গৰিহণা দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কয়, যে জাহাজখনত থকা ১৩ গৰাকী ভাৰতীয় নাগৰিকক সুকলমে উদ্ধাৰ কৰা হৈছে।

ৰিয়াধত থকা ভাৰতীয় দূতাবাসে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু জাহাজখনৰ বাকী কৰ্মীসকলৰ সুৰক্ষা তথা নিৰাপত্তাৰ বাবে য়েমেনৰ কৰ্তৃপক্ষৰ সৈতে তৎপৰতাৰে কাম কৰি আছে বুলি বিবৃতিটোত প্ৰকাশ কৰা হৈছে। মন্ত্ৰালয়ে য়েমেনৰ কৰ্তৃপক্ষক তেওঁলোকৰ সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।

অঞ্চলটোত বাণিজ্যিক জাহাজৰ ওপৰত নিয়মীয়াভাৱে হৈ থকা আক্ৰমণৰ ঘটনাসমূহ উদ্বেগজনক বুলি মন্ত্ৰালয়ে উল্লেখ কৰিছে। মন্ত্ৰালয়ে কয়, যে অঞ্চলটোত বাণিজ্যিক জাহাজসমূহক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ ঘটনা সমাপ্ত হোৱা উচিত। আন্তঃৰাষ্ট্ৰীয় সাগৰীয় পথেৰে জাহাজসমূহৰ মুক্ত তথা বাধাহীন যাত্ৰা যথাশীঘ্ৰে পুনৰ আৰম্ভ হোৱা উচিত বুলি মন্ত্ৰালয়ে বিবৃতিযোগে প্ৰকাশ কৰিছে।