ৰাষ্ট্ৰীয়

August 3, 2026 9:56 PM

views 19

উপ-নির্বাচন অনুষ্ঠিত গুজৰাটৰ মাঞ্জলপুৰ সমষ্টিত বিজেপিৰ আৰু মধ্য প্ৰদেশৰ দাতিয়া বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ জয়লাভ

বিহাৰ, গুজৰাট আৰু মধ্য প্রদেশ বিধানসভাৰ ৩ টা সমষ্টিৰ বাবে উপনিৰ্বাচনৰ ভোটগণনা আজি অনুষ্ঠিত হৈছে। বিজেপিয়ে গুজৰাটৰ বডোডৰা জিলাৰ মাঞ্জলপুৰ বিধানসভা সমষ্টিটো পুনৰ দখল কৰিবলৈ সমৰ্থ হৈছে। সমষ্টিটোৰ পৰা বিজেপি প্রার্থী সতেন্দ্র ভাই পেটেলে কংগ্ৰেছৰ ভিখাভাই ৰাবেৰীক ৩০ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে।...

August 3, 2026 9:50 PM

views 25

ৰাজ্যসভাত ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ-উন্নয়ন সংশোধনী বিধেয়ক ২০২৬ গৃহীত

ৰাজ্যসভাত আজি ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ-MSME উন্নয়ন সংশোধনী বিধেয়ক ২০২৬ গৃহীত হয়। এই বিধেয়কখনৰ জৰিয়তে ২০০৬ চনৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ উন্নয়ন আইনৰ সংশোধনী ঘটাবলৈ বিচৰা হৈছে।  ইয়াৰ জৰিয়তে লেনদেনত হোৱা বিলম্ব হ্ৰাস কৰাৰ উপৰি বিবাদ নিষ্পত্তি প্ৰক্ৰিয়া সৰল হ'ব। বিধেয়কখনৰ জৰিয়তে ক...

August 3, 2026 9:48 PM

views 25

লোকসভাত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সংশোধনী বিধেয়ক ২০২৬ গৃহীত

লোকসভাই আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সংশোধনী বিধেয়ক ২০২৬ গৃহীত কৰে। এই বিধেয়কৰ জৰিয়তে মুখ্য ন্যায়াধীশৰ বাহিৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৰ্তমানৰ ৩৩ৰ পৰা ৩৭ লৈ বৃদ্ধিৰ বাবে সংশোধনীৰ প্ৰস্তাৱ দিয়া হৈছে।  উল্লেখযোগ্য যে চলিত বছৰৰ মে' মাহত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱ...

August 3, 2026 7:02 PM

views 39

কমনৱেলথ গেমছত ভাৰতৰ ১৩টা সোণ, ১৭টা ৰূপ আৰু ৯টা ব্ৰঞ্জসহ মুঠ ৩৯টা পদক জয়েৰে চতুৰ্থ স্থান দখল

গ্লাছগ’ত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে ১৩টা সোণ, ১৭টা ৰূপ আৰু ৯টা ব্ৰঞ্জসহ মুঠ ৩৯টা পদক জয়েৰে চতুৰ্থ স্থান দখল কৰে। কালি প্ৰতিযোগিতাৰ সামৰণিত স্কটলেণ্ডৰ বিষয়াই কমনৱেলথ গেমছৰ পতাকা আৰু বেটন ভাৰতীয় প্ৰতিনিধি, অলিম্পিকৰ স্বৰ্ণ পদক বিজেতা নীজ চোপ্ৰা, ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি পি টি ঊষা আৰু গুজৰা...

August 3, 2026 11:44 AM

views 11

ওড়িশাৰ কেইবাখনো জিলাৰ বান পৰিস্থিতি কিছু উন্নত

ওড়িশাত মহানদীৰ বাঢ়নি পানীয়ে কেইবাখনো জিলা বুৰাই পেলোৱাৰ পাছত বর্তমান বান পৰিস্থিতি কিছু উন্নত হৈছে। অৱশ্যে সর্বাধিক ক্ষতিগ্রস্ত বালাচ'ৰ, ভদ্রাক আৰু জাজপুৰত পৰিস্থিতি জটিল হৈ আছে। এই জিলাসমূহত খোৱাপানীৰ সমস্যা বৃদ্ধি পোৱাৰ লগতে বাসগৃহ আৰু বিস্তৰ কৃষিভূমি বানত বুৰ যোৱাৰ ফলত সমস্যাই দেখা দিছে। ইপিনে ভা...

August 3, 2026 11:39 AM

views 23

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া ভ্রমণসূচীৰে ওড়িশালৈ ৰাওনা

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া ভ্রমণসূচীৰে আজি ওড়িশালৈ যাব। এই ভ্রমণকালত ৰাষ্ট্ৰপতিয়ে গঞ্জাম জিলাৰ কটক, ভূৱনেশ্বৰ, ব্ৰহ্মপুৰ আৰু তপ্তপানীত এলানি শৈক্ষিক, সাংস্কৃতিক আৰু চৰকাৰী কাৰ্যসূচীত অংশগ্রহণ কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি কটকৰ জগদণ্ডৰু কৃপালু বিশ্ববিদ্যালয় উদ্বোধন কৰিব। কাইলৈ শ্ৰীমতী...

August 3, 2026 11:33 AM

views 16

বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ অভিযান আৰম্ভ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ অভিযান কালি আৰম্ভ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ ২৮ হাজাৰটা স্থানৰ পৰা ১ কোটিতকৈ অধিক যুৱক-যুৱতীয়ে এই কার্যসূচীত ভাগ লয়। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই যুৱক-যুৱতীসকলক উদ্দেশি দিয়া ভাষণত প্রধানমন্ত্রী মোদীয়ে যুৱ জনসংখ্যাক ভাৰতৰ...

August 2, 2026 8:33 PM

views 18

নতুন দিল্লীত অনুষ্ঠিত ৮৪ সংখ্যক SUNDAYS-ON-CYCLE কার্যসূচীত কেন্দ্রীয় ক্রীড়া মন্ত্রী ড০ মনসুখ মন্দাভিয়াৰ অংশগ্ৰহণ

কেন্দ্রীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী ড০ মনসুখ মন্দাভিয়াই আজি নতুন দিল্লীত অনুষ্ঠিত ৮৪ সংখ্যক SUNDAYS-ON-CYCLE কার্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচী নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হয়। নিচামুক্ত ভাৰত কাৰ্যসূচীৰ সমর্থনত ভালেসংখ্যক শিক্ষার্থী, চাইক্লিষ্ট আৰু এন চি চিৰ সদস্যই এই অনু...

August 2, 2026 8:17 PM

views 30

কেৰালামৰ কেইবাখনো জিলাত বৰষুণৰ পৰিমাণ সামান্য হ্রাস হোৱাত জনসাধাৰণৰ সকাহ লাভ

কেৰালামৰ কেইবাখনো জিলাত শেহতীয়াকৈ নিৰৱচ্ছিন্নভাৱে হোৱা বৰষুণে জনজীবন বিঘ্নিত কৰাৰ এদিন পাছত পৰিস্থিতি সামান্য উন্নত হৈছে। উল্লেখযোগ্য যে বৰষুণৰ পৰিমাণ সামান্য হ্রাস হোৱাত জনসাধাৰণে সকাহ লাভ কৰিছে। দেশৰ বতৰ বিজ্ঞান বিভাগে আজি ৰাজ্যখনৰ ১২খন জিলাত অৰেঞ্জ এলাৰ্ট আৰু আন দুখন জিলাত ইয়ান্ন' এলার্ট জাৰি কৰি...

August 2, 2026 8:12 PM

views 24

অন্ধ্রপ্রদেশ চৰকাৰ আৰু অষ্ট্ৰেলিয়াৰ মাজত চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

অন্ধ্রপ্রদেশ চৰকাৰ আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত হৈছে। দক্ষতা বিকাশ, শিক্ষার্থীসকলৰ মানসিক স্বাস্থ্য, সর্বাত্মক শিক্ষা, নির্মাণ খণ্ডৰ শেহতীয়া কাম-কাজ তথা নিকা শক্তিৰ ক্ষেত্ৰত সহযোগিতা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এই চুক্তিসমূহ স্বাক্ষৰ কৰা হৈছে। এইসমূহৰ ভিতৰত এখন চুক্তিৰ...