August 2, 2026 8:33 PM | Sundays On Cycle

printer

নতুন দিল্লীত অনুষ্ঠিত ৮৪ সংখ্যক SUNDAYS-ON-CYCLE কার্যসূচীত কেন্দ্রীয় ক্রীড়া মন্ত্রী ড০ মনসুখ মন্দাভিয়াৰ অংশগ্ৰহণ

কেন্দ্রীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী ড০ মনসুখ মন্দাভিয়াই আজি নতুন দিল্লীত অনুষ্ঠিত ৮৪ সংখ্যক SUNDAYS-ON-CYCLE কার্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচী নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হয়।

নিচামুক্ত ভাৰত কাৰ্যসূচীৰ সমর্থনত ভালেসংখ্যক শিক্ষার্থী, চাইক্লিষ্ট আৰু এন চি চিৰ সদস্যই এই অনুষ্ঠানত অংশ লয়। সামাজিক মাধ্যমৰ এটা বার্তাত মন্ত্রী ড০ মন্দাভিয়াই কয়, যে নিচামুক্ত ভাৰতৰ সংকল্পৰে এই কাৰ্যসূচী দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত আয়োজন কৰা হৈছে।