লোকসভাই আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সংশোধনী বিধেয়ক ২০২৬ গৃহীত কৰে। এই বিধেয়কৰ জৰিয়তে মুখ্য ন্যায়াধীশৰ বাহিৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৰ্তমানৰ ৩৩ৰ পৰা ৩৭ লৈ বৃদ্ধিৰ বাবে সংশোধনীৰ প্ৰস্তাৱ দিয়া হৈছে।
উল্লেখযোগ্য যে চলিত বছৰৰ মে’ মাহত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যয়াধীশৰ সংখ্যা ৩৩ ৰ পৰা ৩৭ লৈ বৃদ্ধিৰ বাবে অধ্যাদেশ জাৰি কৰিছিল। লোকসভাৰ কাৰ্যক্ৰমণিকা কাইলৈ দিনৰ এঘাৰ বজালৈ স্থগিত ৰখা হৈছে। আজি দ্বিতীয়বাৰৰ বাবে স্থগিত ৰখাৰ পাছত লোকসভাৰ কাৰ্যক্ৰমণিকা বিয়লি ২ বজাত আৰম্ভ হোৱাত আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে এই বিধেয়কখন লোকসভাত উত্থাপন কৰে।
তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুদক্ষ নেতৃত্বত সংস্কাৰ, ফলাফল আৰু ৰূপান্তৰৰ মন্ত্ৰক কাৰ্যকৰীভাৱে ৰূপায়ণ কৰা হৈছে। এই বিধেয়কখন ন্যায়িক সংস্কাৰ প্ৰক্ৰিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমেঘৱালে কয় যে উচ্চতম ন্যায়ালয়ত বৃদ্ধি পোৱা বিচৰাধীন গোচৰৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি আৰু ন্যায়িক ব্যৱস্থা অধিক দক্ষ তথা কাৰ্যকৰী কৰাৰ লক্ষ্যৰে এই বিধ্যেকখন উত্থাপন কৰা হৈছে। ইয়াৰ ফলত ন্যায়িক ব্যৱস্থাৰ সামৰ্থ বৃদ্ধি পোৱাৰ লগতে গোচৰ নিষ্পত্তি দ্রুত হব আৰু জনসাধাৰণে উচিত সময়তে ন্যয় লাভ কৰিব বুলি তেওঁ মন্তব্য কৰে ।
প্ৰথমবাৰ কাৰ্যক্ৰমণিকা স্থগিত হোৱাৰ পাছত আজি লোকসভাৰ কাম-কাজ দিনৰ ১২ বজাত পুনৰ আৰম্ভ হোৱাত সদন পৰিচালনাৰ দায়িত্বত থকা কৃষ্ণপ্রসাদ তেন্নেতিয়ে হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে সদনৰ কাম-কাজ আগবঢ়াই নিয়াৰ চেষ্টা চলায়। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ দপ্তৰৰ মন্ত্ৰী ৰাও ইন্দ্ৰজিৎ সিঙে ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান বিধেয়ক ২০২৬ সদনত দাখিল কৰে। এই বিধেয়কৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিসংখ্যা বিজ্ঞান আৰু সংশ্লিষ্ট খণ্ডসমূহত উজলি উঠিব পৰাকৈ ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ এটা সৰ্বাত্মক বিধিগত পৰিকাথামো যুগুত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি সদনত বেংক বিষয়াৰ হিচাপ বহীৰ প্রমাণিকৰণ বিধেয়ক ২০২৬ সদনত উত্থাপন কৰে।
ইয়াৰ মাজতে বিৰোধী দলৰ সদস্যসকলে নীটৰ প্ৰশ্নকাকত ফাদিলক লৈ শিক্ষাৰ্থীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উত্তৰ বিচাৰি সদনৰ মজিয়ালৈ উঠি আহে। সদন পৰিচালনাৰ দায়িত্ববাহী সদস্যসকলক নিজৰ আসনলৈ উভতি যাবলৈ আহ্বান জনায়। তেওঁ কয়, যে সদনৰ ভিতৰত প্লেকার্ড আৰু বেনাৰ প্ৰদৰ্শন কৰাটো কেৱল অনুসূচীতেই নহয়, সংসদীয় আচৰণবিধিৰো পৰিপন্থী। ইয়াৰ পাছতো হুলস্থুলীয়া পৰিস্থিতি অব্যাহত থকাত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰখা হয়। ইয়াৰ আগেয়ে দিনৰ ১১ বজাত নিম্ন সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ লগে লগে অধ্যক্ষ ওম বিৰলাই গ্লাচগ’ত অনুষ্ঠিত ২৩সংখ্যক কমনৱেল্থ গেমছত ভাৰতীয় এথলীটসকলে কৰা সুন্দৰ প্ৰদৰ্শনৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
তেওঁ কয় যে ভাৰতীয় এথলীটসকলে ১৩ টা সোণ, ১৭ টা ৰূপ, ৯ টা ব্ৰঞ্জসহ ৩৯ টা পদকেৰে পদক তালিকাৰ চতুৰ্থ স্থান দখল কৰিছে। ভাৰতৰ মহিলা এথলীটসকলেও ব্যতিক্ৰমী প্ৰতিভা আৰু সামৰ্থ প্ৰদৰ্শন কৰি ১৬ টা পদক অৰ্জন কৰে বুলি তেওঁ মন্তব্য কৰে৷