August 12, 2026 10:12 AM

views 9

কেৰালাৰ নাম সলনি কৰিবলৈ ৰাজ্যসভাত কেৰালা (নাম সলনি) বিধেয়ক, ২০২৬ বিবেচনা আৰু গৃহীতকৰণৰ বাবে উত্থাপন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ৰাজ্যসভাত কেৰালাৰ নাম সলনি কৰিবলৈ কেৰালা (নাম সলনি) বিধেয়ক, ২০২৬ বিবেচনা আৰু গৃহীতকৰণৰ বাবে উত্থাপন কৰিব। কালি লোকসভাই বিধেয়কখন গৃহীত কৰিছিল। ৰাজ্যসভাই আজি ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম (সংশোধনী) বিধেয়ক, ২০২৬ বিবেচনা আৰু গৃহীত কৰাৰ বাবেও গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।  লোকসভাত খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্রণ) সংশোধনী বিধেয়ক, ২০২৬ বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰা হ'ব। উল্লেখযোগ্য যে,কালি বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি সৃষ্টি কৰা ...

August 3, 2026 9:48 PM

views 5

লোকসভাত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সংশোধনী বিধেয়ক ২০২৬ গৃহীত

লোকসভাই আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সংশোধনী বিধেয়ক ২০২৬ গৃহীত কৰে। এই বিধেয়কৰ জৰিয়তে মুখ্য ন্যায়াধীশৰ বাহিৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৰ্তমানৰ ৩৩ৰ পৰা ৩৭ লৈ বৃদ্ধিৰ বাবে সংশোধনীৰ প্ৰস্তাৱ দিয়া হৈছে।  উল্লেখযোগ্য যে চলিত বছৰৰ মে' মাহত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যয়াধীশৰ সংখ্যা ৩৩ ৰ পৰা ৩৭ লৈ বৃদ্ধিৰ বাবে অধ্যাদেশ জাৰি কৰিছিল। লোকসভাৰ কাৰ্যক্ৰমণিকা কাইলৈ দিনৰ এঘাৰ বজালৈ স্থগিত ৰখা হৈছে। আজি দ্বিতীয়বাৰৰ বাবে স্থগিত ৰখাৰ পাছত লোকসভাৰ ক...

August 20, 2025 8:54 PM

views 20

লোকসভাত বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত প্রতিবাদ অব্যাহত, দুখন বিধেয়ক উত্থাপন

লোকসভাত আজি সংবিধানৰ ১৩০ সংখ্যক সংশোধনী বিধেয়ক কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ সংশোধনী বিধেয়ক ২০২৫ তথা জম্মু আৰু কাশ্মীৰ পুনগঠন সংশোধনী বিধেয়ক ২০২৫ উত্থাপন কৰা হয়। বিৰোধী পক্ষৰ সদস্যসকলে সদনত বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত প্রতিবাদ অব্যাহত ৰখাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে এই বিধেয়ককেইখন উত্থাপন কৰে। কংগ্ৰেছ, এ আই এম আই এম আৰু সমাজবাদী পাৰ্টীকে ধৰি বিৰোধী পক্ষই এই বিধেয়ককেইখনক অসাংবিধানিক আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বিৰোধী বুলি অভিহিত কৰি ইয়াৰ বিৰোধিতা কৰে। এ আই ...