August 12, 2026 10:12 AM | Parliament today

printer

কেৰালাৰ নাম সলনি কৰিবলৈ ৰাজ্যসভাত কেৰালা (নাম সলনি) বিধেয়ক, ২০২৬ বিবেচনা আৰু গৃহীতকৰণৰ বাবে উত্থাপন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ৰাজ্যসভাত কেৰালাৰ নাম সলনি কৰিবলৈ কেৰালা (নাম সলনি) বিধেয়ক, ২০২৬ বিবেচনা আৰু গৃহীতকৰণৰ বাবে উত্থাপন কৰিব। কালি লোকসভাই বিধেয়কখন গৃহীত কৰিছিল। ৰাজ্যসভাই আজি ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম (সংশোধনী) বিধেয়ক, ২০২৬ বিবেচনা আৰু গৃহীত কৰাৰ বাবেও গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। 

লোকসভাত খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্রণ) সংশোধনী বিধেয়ক, ২০২৬ বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰা হ’ব। উল্লেখযোগ্য যে,কালি বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ দুয়োখন সদনৰ কাম-কাজ পুনৰবাৰ ব্যাহত হৈ পৰে। লোকসভাই ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম (সংশোধনী) বিধেয়ক, ২০২৬ আৰু ৰাজ্যসভাই ন্যায়াধিকৰণ সংস্কাৰ বিধেয়ক, ২০২৬ গৃহীত কৰে৷