August 3, 2026 11:39 AM | Prez Visit Odisha

printer

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া ভ্রমণসূচীৰে ওড়িশালৈ ৰাওনা

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া ভ্রমণসূচীৰে আজি ওড়িশালৈ যাব। এই ভ্রমণকালত ৰাষ্ট্ৰপতিয়ে গঞ্জাম জিলাৰ কটক, ভূৱনেশ্বৰ, ব্ৰহ্মপুৰ আৰু তপ্তপানীত এলানি শৈক্ষিক, সাংস্কৃতিক আৰু চৰকাৰী কাৰ্যসূচীত অংশগ্রহণ কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি কটকৰ জগদণ্ডৰু কৃপালু বিশ্ববিদ্যালয় উদ্বোধন কৰিব। কাইলৈ শ্ৰীমতী মুর্মুৱে অন্যান্য চৰকাৰী কাৰ্যসূচীত অংশ লোৱাৰ পূর্বে দক্ষিণ ওড়িশাৰ মা কন্ধুনী দেৱীৰ মন্দিৰত পূজা-অর্চনা কৰিব। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা ব্যবস্থা কটকটীয়া কৰি তোলা হৈছে। ভূৱনেশ্বৰ আৰু কটকত আৰক্ষীৰ ৪০টা বাহিনী নিয়োগ কৰাৰ লগতে যান-বাহন ব্যবস্থাপনা, নিৰীক্ষণ আৰু অন্যান্য সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে।