২২ সংখ্যক কমনৱেল্থ টেবল টেনিছ প্রতিযোগিতাৰ সামৰণি অনুষ্ঠান কালি নতুন দিল্লীত অনুষ্ঠিত হয়। দিল্লীৰ মুখ্যমন্ত্রী ৰেখা গুপ্তাই প্রতিযোগীসকলক পদকসমূহ প্ৰদান কৰি তেওঁলোকৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে প্রশংসা কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে দিল্লী চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানীত এই সন্মানীয় আন্তঃৰাষ্ট্রীয় ক্রীড়া প্রতিযোগিতা সফলতাৰে আয়োজন কৰাটো অতি গৌৰৱৰ বিষয়। ২৫ খন কমনৱেল্থ ৰাষ্ট্ৰই অংশগ্ৰহণ কৰা এই প্রতিযোগিতাৰ আয়োজনে ভাৰতে বিশ্বমানৰ ক্ৰীড়া প্রতিযোগিতা অনুষ্ঠিত কৰিব পৰাটোকে সূচায় বুলি তেওঁ কয়। শ্রীমতী গুপ্তাই এই প্রতিযোগিতাক উৎকৃষ্ট ক্রীড়াৰ প্রদর্শন, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সাংস্কৃতিক বিনিময়ৰ মহোৎসৱ বুলিও উল্লেখ কৰে। ভাৰতীয় খেলুৱৈসকলক টেবুল টেনিছ প্রতিযোগিতাখনত দেখুওৱা পাৰদৰ্শিতাৰ বাবেও খেলুৱৈসকলক তেওঁ উচ্চ প্রশংসা কৰে।
Assamese | August 3, 2026 12:01 PM | Table Tennis
২২ সংখ্যক কমনৱেল্থ টেবল টেনিছ প্রতিযোগিতাৰ সামৰণি