গ্লাছগ’ত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে ১৩টা সোণ, ১৭টা ৰূপ আৰু ৯টা ব্ৰঞ্জসহ মুঠ ৩৯টা পদক জয়েৰে চতুৰ্থ স্থান দখল কৰে। কালি প্ৰতিযোগিতাৰ সামৰণিত স্কটলেণ্ডৰ বিষয়াই কমনৱেলথ গেমছৰ পতাকা আৰু বেটন ভাৰতীয় প্ৰতিনিধি, অলিম্পিকৰ স্বৰ্ণ পদক বিজেতা নীজ চোপ্ৰা, ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি পি টি ঊষা আৰু গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱীৰ হাতত অৰ্পণ কৰে। উল্লেখযোগ্য যে ২০৩০ চনৰ কমনৱেলথ গেমছ আহমেদাবাদত অনুষ্ঠিত হ’ব।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই কমনৱেল্থ গেমছত ভাৰতীয় দলৰ এই সাফল্যৰ বাবে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে খেলুৱৈসকলৰ অনবদ্য প্ৰদৰ্শনক লৈ গৌৰৱ প্ৰকাশ কৰাৰ লগতে ভাৰতে ৩৯ টা পদক জয় কৰাক লৈ সন্তুষ্টি ব্যক্ত কৰে। তেওঁ এই উল্লেখনীয় সফলতাৰ বাবে পদক জয়ী খেলুৱৈসকলক অভিনন্দন জনায়। তেওঁ কয়, যে সমগ্র প্রতিযোগিতাখনত দেশৰ এথলিটসকলে অসামান্য দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰে। খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰমে দেশৰ যুৱচামক অনুপ্ৰাণিত কৰি যাব বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।