প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ অভিযান কালি আৰম্ভ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ ২৮ হাজাৰটা স্থানৰ পৰা ১ কোটিতকৈ অধিক যুৱক-যুৱতীয়ে এই কার্যসূচীত ভাগ লয়। ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে এই যুৱক-যুৱতীসকলক উদ্দেশি দিয়া ভাষণত প্রধানমন্ত্রী মোদীয়ে যুৱ জনসংখ্যাক ভাৰতৰ অমৃত প্রজন্ম বুলি উল্লেখ কৰি কয়, যে তেওঁলোকৰ শক্তি, কল্পনা আৰু দক্ষতাই ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্য প্রাপ্তিৰ দিশে দেশক আগুৱাই লৈ যাব।
যুৱ প্ৰজন্মই মাদক দ্ৰব্যৰ পৰা আঁতৰত থাকি সুস্থ জীৱনশৈলী আকোঁৱালি লোৱা উচিত বুলি উল্লেখ কৰি শ্রীমোদীয়ে কয় যে নিচামুক্তিৰ বাবে কালিৰে পৰা ১০০ সপ্তাহজোৰা ৰাষ্ট্রব্যাপী জন অংশগ্রহণ অভিযান আৰম্ভ হৈছে। জনসাধাৰণৰ অংশগ্রহণেৰে এখন নিচামুক্ত সমাজ গঢ়ি তোলাৰ বাবে উদগণি যোগোৱাৰ উদ্দেশ্যে এই অভিযানৰ অধীনত প্ৰতি দেওবাৰে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হব বুলি প্রধানমন্ত্রীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে নিচাযুক্ত দ্রব্যৰ আসক্তিয়ে জনসাধাৰণক নিজৰ লক্ষ্যৰ পৰা বিচলিত কৰে আৰু সপোন পূৰণত বাধাৰ সৃষ্টি কৰে। যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ বিভীষিকাৰ পৰা সুৰক্ষিত ৰখাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যুবক-যুৱতীসকলে এই আসক্তিৰ ভয়াৱহতা অনুধাবন কৰা উচিত। তেওঁ লগতে নিচাযুক্ত দ্ৰব্যৰ আসক্তিয়ে কর্মজীৱন নষ্ট কৰে, সাংসাৰিক জীৱন ব্যাহত কৰে আৰু ভৱিষ্যত ধ্বংস কৰে বুলি মন্তব্য কৰে।