August 3, 2026 11:33 AM

views 5

বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ অভিযান আৰম্ভ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ অভিযান কালি আৰম্ভ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ ২৮ হাজাৰটা স্থানৰ পৰা ১ কোটিতকৈ অধিক যুৱক-যুৱতীয়ে এই কার্যসূচীত ভাগ লয়। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই যুৱক-যুৱতীসকলক উদ্দেশি দিয়া ভাষণত প্রধানমন্ত্রী মোদীয়ে যুৱ জনসংখ্যাক ভাৰতৰ অমৃত প্রজন্ম বুলি উল্লেখ কৰি কয়, যে তেওঁলোকৰ শক্তি, কল্পনা আৰু দক্ষতাই ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্য প্রাপ্তিৰ দিশে দেশক আগুৱাই লৈ যাব। যুৱ প্ৰজন্মই মাদক দ্ৰব্যৰ পৰা আঁতৰত থাকি সুস্থ জীৱনশৈলী আকোঁৱালি...