টেষ্ট ক্রিকেটত ভাৰতে আজি গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত পঞ্চম তথা অন্তিম দিনা শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলা জয়ৰ চেষ্টা চলাব। শ্রীলংকাক ৩৭২ ৰানৰ প্ৰত্যাহ্বানমূলক লক্ষ্য নিৰ্ধাৰণ কৰি দিয়াৰ পিছত ভাৰতক খেলখন জয় কৰিবলৈ মাত্ৰ ৬টা উইকেটৰ প্ৰয়োজন। চাৰিটা উইকেটৰ বিনিময়ত ৮৪ ৰানত দ্বিতীয় ইনিংছ পুনৰ আৰম্ভ কৰিব আয়োজক দলটোৱে। ভাৰতৰ বলাৰসকলে আগতীয়াকৈ ষ্ট্রাইক কৰি শ্ৰীলংকাৰ ইনিংছ সামৰি লোৱাৰ চেষ্টা কৰিব। ইতিমধ্যে মানৱ সুথাৰে দুটা উইকেট দখল কৰাৰ বিপৰীতে মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই এটাকৈ উইকেট দখল কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে দ্বিতীয় ইনিংছত ১৯৩ ৰান কৰি আউট হৈছিল। ঋষভ পন্টে ৬৯টা বলত ৬৬ ৰান সংগ্ৰহ কৰি অগ্ৰগতি লাভ কৰে। খেলুৱৈগৰাকী টেষ্ট ক্ৰিকেটত ১০০টা ছয় অৰ্জন কৰা প্ৰথমজন ভাৰতীয় বেটছমেন হিচাপেও পৰিগণিত হয়। দেৱদত্ত পাডিক্কালে ৪৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে কে এল ৰাহুলে ৩৫ ৰান সংগ্ৰহ কৰে।ভাৰতৰ দ্বিতীয় ইনিংছৰ মুঠ ব্যৱধানত শ্ৰীলংকাই ৩৭২ ৰানৰ লক্ষ্য লাভ কৰে।
Assamese | August 19, 2026 11:06 AM | Cricket
গালে টেষ্ট ক্রিকেটত ভাৰতৰ আজি পঞ্চম দিনা শ্ৰীলংকাৰ বিৰুদ্ধে জয়ৰ চেষ্টা