August 19, 2026 11:15 AM | Hockey

printer

এফ আই এইচ পুৰুষ হকী বিশ্বকাপত আজি ভাৰতীয় পুৰুষৰ দলটো পাকিস্তানৰ মুখামুখি

আজি নেদাৰলেণ্ডৰ আমষ্টেলভিনত অনুষ্ঠিত হ’বলগীয়া এফ আই এইচ পুৰুষ হকী বিশ্বকাপৰ এখন খেলত ভাৰতীয় পুৰুষৰ দলটোৱে পাকিস্তানৰ মুখামুখি হ’ব আৰু পৰৱৰ্তী ৰাউণ্ডত স্থান লাভৰ বাবে চেষ্টা চলাব। বর্তমান দুখন মেচৰ পৰা তিনি পইণ্ট লাভ কৰা ভাৰতক অহতা নিশ্চিত কৰিবলৈ অন্ততঃ ড্ৰ’ৰ প্ৰয়োজন। বিশ্বৰ ৩ নং স্থানত থকা ইংলেণ্ডৰ হাতত ২-৪ গ’লত পৰাস্ত হোৱাৰ পূৰ্বে ৱেলছৰ বিৰুদ্ধে ৩-১ গ’লত জয়লাভ কৰি দলটোৱে অভিযান আৰম্ভ কৰিছিল। আনহাতে পাকিস্তানে দুখন খেলৰ অন্তত মাত্ৰ এটা পইণ্টহে লাভ কৰিছে। ইতিমধ্যে ইংলেণ্ডে পুল ডিৰ দুয়োখন মেচত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত নিজৰ স্থান দখল কৰিছে। কালি সন্ধিয়া আমষ্টেলভিনৰ ৱেগেনাৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ পৰ্যায়ৰ দ্বিতীয়খন খেলত ভাৰতীয় মহিলা দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৬-১ গ’লত জয়লাভ কৰে ৷