September 12, 2026 5:03 PM

views 18

ভাৰতে মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে

ভাৰতে মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে আজি চীনৰ মকিত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত দক্ষিণ কোৰিয়াক ৫-১ গলত পৰাস্ত কৰে। ভাৰতৰ হৈ চুপ্ৰিয়াই ৩ টা গল দিয়ে। মধু আৰু সুখবীৰ কৌৰে এটাকৈ গল দিয়ে। ভাৰত ফাইনেলত চীন আৰু জাপানৰ মাজৰ দ্বিতীয়খন ছেমিফাইনেলৰ বিজয়ী দলটোৰ সন্মুখীন হ’ব। ইয়াৰ পূৰ্বে ভাৰতে কালি মালয়েছিয়াক ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰি পুৰুষৰ জুনিয়ৰ এছিয়ান কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰে। ভাৰতৰ হৈ অধিনায়ক অনমোল এক্কাই দুটা আৰু স...

September 11, 2026 8:21 PM

views 10

জুনিয়ৰ এছিয়া কাপ হকীৰ ফাইনেলত ভাৰত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ

ভাৰতে জুনিয়ৰ এছিয়া কাপ হকীৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। আজি চীনৰ ম’কিত অনুষ্ঠিত ছেমি ফাইনেলত মালয়েছিয়াৰ বিৰুদ্ধে ভাৰতে ৩-১ গলৰ ব্যৱধানত জয়লাভ কৰে। ভাৰতৰ হৈ অধিনায়ক অন্মোল এক্কাই দুটা আৰু সুখবিন্দৰে তৃতীয়টো গল দিয়ে। প্ৰতিযোগিতাখনত পাঁচবাৰৰ চেম্পিয়ন ভাৰতে পৰহিলৈ দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ'ব। দক্ষিণ কোৰিয়াই ছেমিফাইনেলত ইতিমধ্যে পাকিস্তানক ৪–১ গ'লৰ ব্যৱধানত পৰাস্ত কৰিছে।

August 19, 2026 11:15 AM

views 38

এফ আই এইচ পুৰুষ হকী বিশ্বকাপত আজি ভাৰতীয় পুৰুষৰ দলটো পাকিস্তানৰ মুখামুখি

আজি নেদাৰলেণ্ডৰ আমষ্টেলভিনত অনুষ্ঠিত হ'বলগীয়া এফ আই এইচ পুৰুষ হকী বিশ্বকাপৰ এখন খেলত ভাৰতীয় পুৰুষৰ দলটোৱে পাকিস্তানৰ মুখামুখি হ'ব আৰু পৰৱৰ্তী ৰাউণ্ডত স্থান লাভৰ বাবে চেষ্টা চলাব। বর্তমান দুখন মেচৰ পৰা তিনি পইণ্ট লাভ কৰা ভাৰতক অহতা নিশ্চিত কৰিবলৈ অন্ততঃ ড্ৰ'ৰ প্ৰয়োজন। বিশ্বৰ ৩ নং স্থানত থকা ইংলেণ্ডৰ হাতত ২-৪ গ'লত পৰাস্ত হোৱাৰ পূৰ্বে ৱেলছৰ বিৰুদ্ধে ৩-১ গ'লত জয়লাভ কৰি দলটোৱে অভিযান আৰম্ভ কৰিছিল। আনহাতে পাকিস্তানে দুখন খেলৰ অন্তত মাত্ৰ এটা পইণ্টহে লাভ কৰিছে। ইতিমধ্যে ইংলেণ্ডে পুল ডিৰ দুয়োখন মেচ...

June 19, 2026 12:22 PM

views 37

মহিলাৰ এফ আই এইছ নেছনছ কাপ হকী প্রতিযোগিতাত উৰুগুৱেৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

ভাৰতে কালি নিউজিলেণ্ডত অনুষ্ঠিত মহিলাৰ এফ আই এইছ নেছনছ কাপ হকী প্রতিযোগিতাৰ পুল-এৰ এখন খেলত উৰুগুৱেক ৩-২ গ'লত পৰাস্ত কৰি প্ৰতিযোগিতাত একেৰাহে তৃতীয়খন খেলত বিজয় সাব্যস্ত কৰে। খেলখনত ভাৰতৰ হৈ দীপিকাই দুটা গ'ল আৰু দীপিকা ছোৰেঙে এটা গ'ল দিয়ে। উৰুগুৱেৰ হৈ ছিয়াৰা এম্পেনিন আৰু মেনুবেলা বিলাৰে একোটাকৈ গ'ল দিয়ে। ভাৰত এই জয়ৰ সুবাদত পুল-এৰ পইন্ট তালিকাৰ শীর্ষ স্থানত আছে আৰু দলটো ইতিমধ্যে চেমিফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত কাইলৈ চেমিফাইনেলত ছিলিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

June 7, 2026 12:34 PM

views 33

১৮ বছৰ অনূর্ধ এছিয়া কাপ হকী প্রতিযোগিতাত তৃতীয়বাৰৰ বাবে চূড়ান্ত বিজয়ী ভাৰতৰ পুৰুষ দলক ৰাষ্ট্ৰপতিৰ অভিনন্দন

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ১৮ বছৰ অনূর্ধ এছিয়া কাপ হকী প্রতিযোগিতাত তৃতীয়বাৰৰ বাবে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰা ভাৰতৰ পুৰুষ দলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা প'ষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে ভাৰতৰ পুৰুষ হকী দলে চূড়ান্ত বিজয়ৰ খিতাপ অৰ্জন কৰাৰ বিপৰীতে মহিলা হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰ দ্বাৰা দেশৰ যুৱ খেলুৱৈসকল অনুপ্রাণিত হ'ব বুলিও শ্রীমুৰ্মুৱে প্ৰকাশ কৰে।

June 6, 2026 8:06 PM

views 43

১৮ বছৰ অনুৰ্ধ এচিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ পুৰুষ দলটোৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল

ভাৰতৰ পুৰুষ দলটোৱে তৃতীয়বাৰৰ বাবে ১৮ বছৰ অনুৰ্ধ এচিয়া কাপ হকী প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছে। কাকামিগাহাৰাত আজি অনুষ্ঠিত ফাইনেল খেলত আয়োজক দেশ জাপানক ৪-১ গলত পৰাস্ত কৰি ভাৰতে খিতাপ দখল কৰে। ভাৰতৰ হৈ আশীষ পুর্তিয়ে হেট্ৰিক কৰে। অধিনায়ক কেটন কুছৱাহাই এটা গল কৰে। জাপানৰ গাকু নুমান্দাই দলটোৰ হৈ একমাত্ৰ গলটো দিয়ে। ইপিনে, ভাৰতৰ মহিলা দলটোৱে দক্ষিণ কোৰিয়াক ৩-০ গলত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে ।

June 5, 2026 12:16 PM

views 30

এচিয়া কাপ হকী টুর্নামেণ্টৰ চেমিফাইনেলত আজি ভাৰত আৰু পাকিস্তান মুখামুখি

ল'ৰাৰ ১৮ বছৰ অনুৰ্ধ এচিয়া কাপ হকী টুর্নামেণ্টৰ চেমিফাইনেলত আজি ভাৰত চিৰবৈৰী পাকিস্তানৰ মুখামুখি হ'ব। খেলখন জাপানৰ কাকামিগহৰা হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইপিনে ছোৱালীৰ ১৮ বছৰ অনুৰ্ধ এচিয়া কাপৰ চেমি ফাইনেলত আজি ভাৰত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

December 25, 2025 8:31 PM

views 72

অসমৰ ছোৱালী দলৰ অস্মিতা পূব মণ্ডল জুনিয়ৰ হকী লীগ প্রতিযোগিতাত ব্ৰঞ্জৰ পদক অর্জন

অসমৰ ছোৱালী দলে অস্মিতা পূব মণ্ডল জুনিয়ৰ হকী লীগ প্রতিযোগিতাত ব্ৰঞ্জৰ পদক অর্জন কৰিছে। অসমে আজি গুৱাহাটীৰ ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈয়বুল্লাহ হকী ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় স্থান নির্ধাৰণকাৰী খেলত ত্ৰিপুৰাক ১৬-০ গলত পৰাস্ত কৰে। ওড়িশাই মিজোৰামক ৪-৩ গলৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাত স্বর্ণ পদক লাভ কৰে।

December 12, 2025 12:06 PM

views 64

এফ আই এইচ হকী জুনিয়ৰ বিশ্বকাপত ব্ৰঞ্জৰ পদক দখল কৰা ভাৰতৰ জুনিয়ৰ হকী দলটোক প্রধানমন্ত্রীৰ অভিনন্দন জ্ঞাপন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ এফ আই এইচ হকী জুনিয়ৰ বিশ্বকাপ ২০২৫ত ব্ৰঞ্জৰ পদক দখল কৰা ভাৰতৰ জুনিয়ৰ হকী দলটোক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমোদীয়ে কয়, যে ৰাষ্ট্ৰৰ যুৱ তাৰকা আৰু উৎসাহী দলটোৱে সন্মানীয় এই প্রতিযোগিতাত ভাৰতৰ হৈ প্ৰথমবাৰৰ বাবে ব্ৰঞ্জৰ পদক অর্জন কৰি দেশলৈ সন্মান কঢ়িয়াই আনিছে। দলটোৰ এই সাফল্যই সমগ্ৰ দেশৰ যুৱ খেলুৱৈসকলক অধিক উৎসাহিত কৰিব বুলি শ্রীমোদীয়ে লগতে প্ৰকাশ কৰিছে।

December 6, 2025 4:04 PM

views 70

ভাৰত পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ

● ভাৰতে পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে যোৱা নিশা চেন্নাইৰ মেয়ৰ ৰাধাকৃষ্ণণ হকী ষ্টেডিয়ামত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামক পেনাল্টি শ্যুট আউটৰ সহায়ত ৪-৩ গ'লত পৰাস্ত কৰে। খেলখন নিৰ্ধাৰিত সময়ত ২-২ গ'লত অমিমাংসীত হৈ ৰোৱাত পেনাল্টি শ্যুট আউটৰ সহায় ল'বলগীয়া হয়।