ভাৰতে মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে

ভাৰতে মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে আজি চীনৰ মকিত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত দক্ষিণ কোৰিয়াক ৫-১ গলত পৰাস্ত কৰে।

ভাৰতৰ হৈ চুপ্ৰিয়াই ৩ টা গল দিয়ে। মধু আৰু সুখবীৰ কৌৰে এটাকৈ গল দিয়ে। ভাৰত ফাইনেলত চীন আৰু জাপানৰ মাজৰ দ্বিতীয়খন ছেমিফাইনেলৰ বিজয়ী দলটোৰ সন্মুখীন হ’ব।

ইয়াৰ পূৰ্বে ভাৰতে কালি মালয়েছিয়াক ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰি পুৰুষৰ জুনিয়ৰ এছিয়ান কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰে। ভাৰতৰ হৈ অধিনায়ক অনমোল এক্কাই দুটা আৰু সুখবিন্দৰে এটা গল দিয়ে।

ভাৰত কাইলৈ হ’বলগীয়া ফাইনেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হব। কোৰিয়াই কালি বিয়লি অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত পাকিস্তানক ৪-১ গলৰ ব্যৱধানত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে।