October 29, 2026 12:24 PM | Hockey

printer

চলিত বৰ্ষৰ পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাত আজি ভাৰত চীনৰ মুখামুখি

ভাৰত আজি পাঞ্জাৱৰ জলন্ধৰত চলিত বৰ্ষৰ পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাত নিজৰ দ্বিতীয়খন খেলত চীনৰ মুখামুখি হ’ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব। ৰাউণ্ড ৰবীন পদ্ধতিৰে অনুষ্ঠিত এই প্ৰতিযোগিতাত নিজৰ প্ৰথমখন খেলত ভাৰতে বাংলাদেশক ১৩-০ গ’লত পৰাস্ত কৰিছিল। ইপিনে নিজৰ প্ৰথমখন খেলত চীন মালয়েছিয়াৰ বিৰুদ্ধে ৪-৫ গ’লৰ ব্যৱধানত পৰাজিত হৈছিল। প্ৰতিযোগিতাত আজি হ’বলগীয়া আন দুখন খেলত মালয়েছিয়া দক্ষিণ কোৰিয়াৰ আৰু বাংলাদেশ জাপানৰ মুখামুখি হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।