September 11, 2026 8:21 PM | Hockey

printer

জুনিয়ৰ এছিয়া কাপ হকীৰ ফাইনেলত ভাৰত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ

ভাৰতে জুনিয়ৰ এছিয়া কাপ হকীৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। আজি চীনৰ ম’কিত অনুষ্ঠিত ছেমি ফাইনেলত মালয়েছিয়াৰ বিৰুদ্ধে ভাৰতে ৩-১ গলৰ ব্যৱধানত জয়লাভ কৰে। ভাৰতৰ হৈ অধিনায়ক অন্মোল এক্কাই দুটা আৰু সুখবিন্দৰে তৃতীয়টো গল দিয়ে। প্ৰতিযোগিতাখনত পাঁচবাৰৰ চেম্পিয়ন ভাৰতে পৰহিলৈ দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ’ব। দক্ষিণ কোৰিয়াই ছেমিফাইনেলত ইতিমধ্যে পাকিস্তানক ৪–১ গ’লৰ ব্যৱধানত পৰাস্ত কৰিছে।