ভাৰতে কালি নিউজিলেণ্ডত অনুষ্ঠিত মহিলাৰ এফ আই এইছ নেছনছ কাপ হকী প্রতিযোগিতাৰ পুল-এৰ এখন খেলত উৰুগুৱেক ৩-২ গ’লত পৰাস্ত কৰি প্ৰতিযোগিতাত একেৰাহে তৃতীয়খন খেলত বিজয় সাব্যস্ত কৰে। খেলখনত ভাৰতৰ হৈ দীপিকাই দুটা গ’ল আৰু দীপিকা ছোৰেঙে এটা গ’ল দিয়ে। উৰুগুৱেৰ হৈ ছিয়াৰা এম্পেনিন আৰু মেনুবেলা বিলাৰে একোটাকৈ গ’ল দিয়ে। ভাৰত এই জয়ৰ সুবাদত পুল-এৰ পইন্ট তালিকাৰ শীর্ষ স্থানত আছে আৰু দলটো ইতিমধ্যে চেমিফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত কাইলৈ চেমিফাইনেলত ছিলিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Assamese | June 19, 2026 12:22 PM | Hockey
মহিলাৰ এফ আই এইছ নেছনছ কাপ হকী প্রতিযোগিতাত উৰুগুৱেৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ