June 6, 2026 8:06 PM | Hockey

printer

১৮ বছৰ অনুৰ্ধ এচিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ পুৰুষ দলটোৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল

ভাৰতৰ পুৰুষ দলটোৱে তৃতীয়বাৰৰ বাবে ১৮ বছৰ অনুৰ্ধ এচিয়া কাপ হকী প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছে। কাকামিগাহাৰাত আজি অনুষ্ঠিত ফাইনেল খেলত আয়োজক দেশ জাপানক ৪-১ গলত পৰাস্ত কৰি ভাৰতে খিতাপ দখল কৰে। ভাৰতৰ হৈ আশীষ পুর্তিয়ে হেট্ৰিক কৰে। অধিনায়ক কেটন কুছৱাহাই এটা গল কৰে। জাপানৰ গাকু নুমান্দাই দলটোৰ হৈ একমাত্ৰ গলটো দিয়ে। ইপিনে, ভাৰতৰ মহিলা দলটোৱে দক্ষিণ কোৰিয়াক ৩-০ গলত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।