June 7, 2026 12:34 PM | Hockey

printer

১৮ বছৰ অনূর্ধ এছিয়া কাপ হকী প্রতিযোগিতাত তৃতীয়বাৰৰ বাবে চূড়ান্ত বিজয়ী ভাৰতৰ পুৰুষ দলক ৰাষ্ট্ৰপতিৰ অভিনন্দন

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ১৮ বছৰ অনূর্ধ এছিয়া কাপ হকী প্রতিযোগিতাত তৃতীয়বাৰৰ বাবে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰা ভাৰতৰ পুৰুষ দলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা প’ষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে ভাৰতৰ পুৰুষ হকী দলে চূড়ান্ত বিজয়ৰ খিতাপ অৰ্জন কৰাৰ বিপৰীতে মহিলা হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰ দ্বাৰা দেশৰ যুৱ খেলুৱৈসকল অনুপ্রাণিত হ’ব বুলিও শ্রীমুৰ্মুৱে প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।