August 19, 2026 10:56 AM | Namghar

printer

ভাদ মাহৰ আজি পহিলা দিন উপলক্ষে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহত বিভিন্ন কাৰ্যসূচী

অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আজি পহিলা দিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰসমূহত আজি পুৱাৰে পৰা নাম-প্ৰসংগৰ কাৰ্যসূচী লোৱা হৈছে। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ কমেও ৩৫ খন সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰসমূহত নাম কীৰ্তনৰ কাৰ্যসূচী লোৱা হৈছে। যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপৰীয়া নামঘৰ, গোলাঘাটৰ আঠখেলীয়া নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত মাহজোৰা কাৰ্যসূচীৰে নাম-প্ৰসংগ, ভাগৱত পাঠ আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ আদিতো ভাদ মাহৰ নাম-প্ৰসংগৰ আয়োজন কৰা হৈছে ।

নামনি মাজুলীৰ শ্ৰীশ্ৰীআদি এলেঙী সত্ৰত আজি এই উপলক্ষে নাম-প্ৰসংগকে ধৰি বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। পুৱাৰ প্ৰসংগ, কীৰ্তন, আয়তীৰ নাম আৰু উঠানাম পৰিৱেশন কৰিবলৈ লোৱা হৈছে। ভাদ মাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা আধ্যাত্মিক পৰিৱেশে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে। অসমবাসীয়ে এই মাহটোত পবিত্ৰ অন্তৰেৰে শৰাই-নৈবদ্য আগবঢ়াই নাম কীৰ্ত্তন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ পুণ্য তিথি আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ এই মাহটোক অসমবাসীয়ে অত্যন্ত পবিত্ৰ বুলি গণ্য কৰে। গোটেই মাহজুৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নাম-প্ৰসংগ অনুষ্ঠিত হয়।