August 19, 2026 10:48 AM | assam cabinet

printer

অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি ২০২৬ ত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন

ৰাজ্যিক মন্ত্রীসভাই কালি শিশুসকলৰ কল্যাণ, সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি ২০২৬৩ অনুমোদন জনায়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হয়। কৈশোৰ ন্যায়, শিশুৰ যত্ন আৰু সুৰক্ষা আইন ২০১৫ আৰু পকছ’ নীতি ২০২০ৰ ৰূপায়ণৰ জৰিয়তে শিশু সুৰক্ষা নীতি কাৰ্যকৰী কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয়, যে এই নীতিয়ে শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্যজুৰি উমৈহতীয়া শক্তিশালী ব্যৱস্থা গঢ়ি তোলাত সহায় কৰিব।

          মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ড০ শর্মাই কয় যে মন্ত্রীসভাই অসম ব্যক্তিগত প্রশিক্ষণ প্রতিষ্ঠান নিয়ন্ত্ৰণ আৰু শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সুৰক্ষা বিধি, ২০২৬ প্ৰণয়নৰ প্ৰস্তাৱত অনুমোদন জনায়। এই অনুসৰি ৫০ গৰাকী বা তাতকৈ অধিক শিক্ষার্থী থকা যিকোনো প্রশিক্ষণ প্রতিষ্ঠানে জিলা আয়ুক্তৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব। এনে প্রতিষ্ঠানসমূহে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থী, বিশেষভাৱে সক্ষম, এল জি বি টি কিউ প্লাছ আৰু মানসিক আঘাত, আপোনজনক হেৰুওৱা বা পূৰ্বে আত্মহত্যাৰ চেষ্টা কৰা শিক্ষাৰ্থীৰ বাবে সংবেদনশীল, বৈষম্যহীন আৰু নিৰাপদ পৰিবেশ নিশ্চিত কৰিব লাগিব। মন্ত্রীসভাই নিয়োগৰ সুবিধা, কেৰিয়াৰ নিৰ্দেশনা, উদ্যমশীলতা, নেতৃত্বৰ বিকাশ আৰু যুৱ প্ৰচেষ্টাৰ সমন্বয়ৰ দিশত গুৰুত্ব আৰোপৰ উদ্দেশ্যে যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগ গঠনত অনুমোদন দিছে বুলি ড০ শৰ্মাই জানিবলৈ দিয়ে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অনলাইন প’ৰ্টেলৰ জৰিয়তে ৰাজ্যত দুগ্ধ সমবায় সমিতিৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ডিজিটেল, সৰল আৰু ক্ষিপ্ৰ কৰাৰ ব্যৱস্থাতো অনুমোদন দিয়া হৈছে। এই ব্যৱস্থাই ব্যৱসায়িক সুচলতা বৃদ্ধিৰ লগে দুগ্ধ সমবায় সমিতিসমূহৰ পৰিচালনা অধিক সুচাৰু আৰু স্বচ্ছ কৰি তোলাত সহায় কৰিব। মন্ত্রীসভাই মিনি সচিবালয় বৰাক উপত্যকাৰ নাম সলনি কৰি অসম সচিবালয় বৰাক উপত্যকা শিলচৰ হিচাপে নামকৰণৰ প্ৰস্তাৱত অনুমোদন দিয়ে। মুখ্যমন্ত্রীয়ে কয় যে অসম সচিবালয় বৰাক উপত্যকাত ৩২টা গুৰুত্বপূৰ্ণ আৰু প্ৰধান বিভাগৰ কাম-কাজ পৰিচালনা কৰা হ’ব।

ইয়াৰ উপৰি মন্ত্ৰীসভাই কালিৰ বৈঠকত অসম ঔদ্যোগিক সম্পৰ্ক বিধি ২০২৬ৰ অধিসূচনা জাৰি কৰাৰ প্ৰস্তাৱতো অনুমোদন দিয়ে। এই নতুন বিধিয়ে ঔপনিবেশিক আৰু স্বাধীনতাৰ পাছৰ সময়ত তিনিখন পুৰণি বিধিৰ স্থান ল’ব। ৰাজ্যত হাইড্ৰ’কাৰ্বন অন্বেষণৰ গতিবিধিৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে মন্ত্রীসভাই অসম হাইড্র’কার্বন অন্বেষণ, উৎপাদন আৰু উজনিৰ পৰিবেশতন্ত্র উন্নয়ন নীতি ২০২৬৩ অনুমোদন জনায়। ইয়াৰ উপৰি বৈঠকত ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান গুৱাহাটী আৰু অজিম প্রেমজী বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ নিৰ্মাণৰ বাবে ভূমি হস্তান্তৰ আৰু আবণ্টনৰ প্ৰস্তাৱত অনুমোদন দিয়া হয়। মন্ত্রীসভাই কমলপুৰ, বঢ়মপুৰ, ৰঙানদী, চিচিবৰ গাঁও, চাবুৱা, লাহোৱাল, খুমটাই আৰু বৰখলা এই আঠখন নতুন সমজিলা কাৰ্যক্ষম কৰাৰ প্ৰস্তাৱতো অনুমোদন জনায়।