কেৰালামৰ কেইবাখনো জিলাত বৰষুণৰ পৰিমাণ সামান্য হ্রাস হোৱাত জনসাধাৰণৰ সকাহ লাভ

কেৰালামৰ কেইবাখনো জিলাত শেহতীয়াকৈ নিৰৱচ্ছিন্নভাৱে হোৱা বৰষুণে জনজীবন বিঘ্নিত কৰাৰ এদিন পাছত পৰিস্থিতি সামান্য উন্নত হৈছে। উল্লেখযোগ্য যে বৰষুণৰ পৰিমাণ সামান্য হ্রাস হোৱাত জনসাধাৰণে সকাহ লাভ কৰিছে।

দেশৰ বতৰ বিজ্ঞান বিভাগে আজি ৰাজ্যখনৰ ১২খন জিলাত অৰেঞ্জ এলাৰ্ট আৰু আন দুখন জিলাত ইয়ান্ন’ এলার্ট জাৰি কৰিছে। আনহাতে, কাইলৈও ৰাজ্যখনৰ ১০খন জিলাত ইয়েল্ল এলার্ট বাহাল থাকিব বুলি বিভাগে প্রকাশ কৰিছে।

ৰাজ্যখনত বৰষুণৰ ফলত হোৱা আনুসঙ্গিক ঘটনাত কালিৰে পৰা আঠগৰাকী লোকে প্রাণ হেৰুওৱাৰ লগতে ৫ হাজাৰ ৭০০তকৈও অধিক লোকক সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে।

বতৰৰ অৱস্থা সামান্য উন্নত হৈছে যদিও পাহাৰীয়া তথা নদীকাষৰীয়া অঞ্চলত বাস কৰা লোকসকলক সতর্ক হৈ থাকিবলৈ কোৱা হৈছে। তদুপৰি কেৰালাম, কর্ণাটক আৰু লাক্ষাদ্বীপৰ সমীপৰ সাগৰলৈ নাযাবলৈ মাছমৰীয়াসকলক পৰামৰ্শ দিয়া হৈছে।