অন্ধ্রপ্রদেশ চৰকাৰ আৰু অষ্ট্ৰেলিয়াৰ মাজত চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

অন্ধ্রপ্রদেশ চৰকাৰ আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত হৈছে। দক্ষতা বিকাশ, শিক্ষার্থীসকলৰ মানসিক স্বাস্থ্য, সর্বাত্মক শিক্ষা, নির্মাণ খণ্ডৰ শেহতীয়া কাম-কাজ তথা নিকা শক্তিৰ ক্ষেত্ৰত সহযোগিতা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এই চুক্তিসমূহ স্বাক্ষৰ কৰা হৈছে।

এইসমূহৰ ভিতৰত এখন চুক্তিৰ জৰিয়তে নির্বাচিত উচ্চ শিক্ষাৰ প্রতিষ্ঠানসমূহত শিক্ষার্থীসকলৰ মানসিক স্বাস্থ্য সন্দৰ্ভত প্রযুক্তিচালিত এটা অনুশীলনমূলক প্রকল্প হাতত লোৱা হৈছে।

এই কাৰ্যসূচী অন্ধ্র প্রদেশ ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ আৰু অষ্ট্ৰেলিয়াৰ ৰিবাউণ্ডৰ যুটীয়া উদ্যোগত ৰূপায়ণ কৰা হ’ব। ইয়াৰ জৰিয়তে শিক্ষার্থীসকলে মানসিক স্বাস্থ্য সম্পর্কীয় সম্পদসমূহ, কল্যাণ, সমীক্ষা কৰিব পৰা আহিলা আৰু গোপনীয়তা অটুট ৰাখি ভার্চুৱেল মাধ্যমেৰে পৰামৰ্শ লাভ কৰাৰ সুবিধা লাভ কৰিব।

ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী আৰু অষ্ট্ৰেলিয়াৰ আন্তঃৰাষ্ট্ৰীয় শিক্ষা, নাগৰিকত্ব, নীতি আৰু বহু-সাংস্কৃতিক পৰিক্ৰমাৰ সহযোগী মন্ত্রী জুলিয়ান হিলৰ উপস্থিতিত চুক্তিসমূহ স্বাক্ষৰিত হয়। ইয়াৰ পূর্বে জুলিয়ান হিলৰ নেতৃত্বৰ অস্ট্রেলিয়াৰ এটা প্রতিনিধি দলে ৰাজ্যখনৰ মুখ্যমন্ত্রী এন চন্দ্রবাবু নাইডুক অমৰাৱতীত সাক্ষাৎ কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ দ্রুত অর্থনৈতিক প্ৰগতিৰ ওপৰত আলোকপাত কৰি সহযোগিতা আৰু বিনিয়োগ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে বাণিজ্যিক সংস্থা তথা প্রতিষ্ঠানসমূহক আহ্বান জনায়।