পশ্চিম এছিয়া আৰু ভূ-ৰাজনৈতিক সংঘাতৰ মাজতে ভাৰতীয় নাবিকসকলৰ সুৰক্ষা মূল্যায়নৰ বাবে মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে বিস্তৃত বৈঠক সৰ্বানন্দ সোণোৱালৰ

বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভাপতিত্বত আজি পশ্চিম এছিয়া আৰু ভূ-ৰাজনৈতিক সংঘাতৰ মাজতে ভাৰতীয় নাবিকসকলৰ সুৰক্ষা মূল্যায়নৰ বাবে মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন বিস্তৃত বৈঠক অনুষ্ঠিত হয়।

সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসোণোৱালে কয় যে কেন্দ্ৰীয় চৰকাৰে সদায় ভাৰতীয় নাবিকসকলক অগ্ৰাধিকাৰ দি আহিছে। ২০১৪ চনৰ পৰা ভাৰতীয় নাবিকৰ সংখ্যা বৃদ্ধি পাই ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম নাবিক যোগানকাৰী দেশ হিচাপে পৰিগণিত হৈছে।

তেওঁ লগতে কয় যে জাহাজ যোগাযোগ কেন্দ্র সঞ্চালকালয়ে ২৪ ঘণ্টাই দুৰ্ঘটনাৰ সতর্কবাণী দিয়াৰ লগতে উদ্ধাৰকাৰ্যত সমন্বয় ৰক্ষা কৰি আছে।