August 5, 2026 12:29 PM | Hormuz

printer

ইৰাণ-ওমানৰ মাজত হৰমুজ প্রণালী সম্পর্কীয় আলোচনা নতুন পৰ্যায়ত প্ৰৱেশ

ইৰাণ আৰু ওমানৰ মাজত হৰমুজ প্রণালী সম্পর্কীয় আলোচনাই নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে বুলি ইৰাণৰ এজন শীৰ্ষ বিষয়াই দেশখনৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ সন্থাৰ প্ৰতিনিধিৰ আগত প্ৰকাশ কৰিছে। ইৰাণৰ চৰকাৰী টেলিভিচনে কালি প্ৰকাশ কৰা অনুসৰি হৰমুজ প্রণালীক লৈ ইৰাণ-ওমানৰ আলোচনা অব্যাহত থকাটোৱে তেহৰাণৰ কূটনৈতিক সংযোগক প্রতীয়মান কৰে।

বিষয়াগৰাকীয়ে কয় যে আমেৰিকাই হস্তক্ষেপ বন্ধ কৰিলে হৰমুজ প্রণালী সন্দৰ্ভত ওমানৰ সৈতে হোৱা বুজাবুজি সঠিক পৰ্যায়ত আছে। ইৰাণৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ সন্থাৰ প্ৰতিনিধিগৰাকীয়ে জনোৱা মতে, ইন্ধন সৰবৰাহৰ কৌশলগত সংকীৰ্ণ জলপথেৰে জাহাজৰ যাত্ৰা সুৰক্ষিত কৰাৰ বাবে নতুন কৰিডৰ ব্যৱহাৰ বিষয়ত আলোচনা চলি আছে। পশ্চিম এছিয়াত দ্রুতভাৱে পৰিৱৰ্তিত পৰিস্থিতিৰ মাজতে এই কথা গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ৷

ইপিনে কাটাৰে আমেৰিকা আৰু ইৰাণৰ মাজত সংঘাত সমাধানৰ প্ৰচেষ্টা অতি প্ৰগতিশীল পৰ্যায়ত আছে, আৰু সম্ভাৱ্য চুক্তিৰ খচৰা যুগুত কৰি প্ৰচাৰ কৰা হৈছে বুলি প্ৰকাশ কৰিছে৷ ইপিনে,কালি আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেচেণ্টে ইৰাণৰ সৈতে আলোচনাৰ সম্ভাৱ্য অগ্ৰগতিৰ ইংগিত দি কয় যে হৰমুজ পুনৰ মুকলি কৰি সংঘাতক স্বাভাৱিক পৰিস্থিতিৰ দিশে আগুৱাই নিয়াৰ বাবে “আজি বা কাইলৈ” চুক্তিত উপনীত হোৱাৰ সম্ভাৱনা আছে। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে কালি দৃঢ়তাৰে কয় যে তেহৰানে অঞ্চলটোত সংঘাত সৃষ্টি কৰিবলৈ নিবিচাৰে।

তেওঁ কয় যে দেশখনে আপোচবিহীনভাৱে নিজৰ সাৰ্বভৌমত্ব ৰক্ষা কৰিব। ইৰাণক চুক্তিত উপনীত হোৱাৰ শেষ সুযোগ দিয়া হৈছে আৰু চৌদি আৰব,আৰৱ আমীৰি ৰাষ্ট্ৰ, কাটাৰ তথা ইৰাণৰ পৰা কূটনৈতিক আলোচনাৰ অনুৰোধ পোৱাৰ পিছত আমেৰিকাই সামৰিক আক্ৰমণৰ পৰিকল্পনা স্থগিত ৰাখিছে বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে কৰা মন্তব্যৰ পাছতে ইৰানৰ ৰাষ্ট্ৰপতিয়ে এই কথা প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।