October 3, 2026 8:51 PM
4
হৰমুজ প্রণালীত আৱদ্ধ হৈ থকা ৫ জন ভাৰতীয়ক উদ্ধাৰৰ বাবে ভাৰতীয় দূতাবাসৰ ওমানৰ কৰ্তৃপক্ষৰ ফালৰ পৰা যোগাযোগ
হৰমুজ প্রণালীত কুৱেইটৰ পতাকা যুক্ত টেংকাৰ এম টি কাজিমা ৩-ত ক্ষেপনাস্ত্ৰৰ দ্বাৰা হোৱা এটা আক্ৰমণৰ সময়ত আৱদ্ধ হৈ থকা ৫ জন ভাৰতীয়ক উদ্ধাৰ কৰিবৰ বাবে ভাৰতীয় দূতাবাসে ওমানৰ কৰ্তৃপক্ষৰ ফালৰ পৰা ইতিমধ্যে যোগাযোগ কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰা মতে, আৱদ্ধ হৈ থকা পাচোজন ভাৰতীয়ক নিৰাপদে উদ্ধাৰ কৰা হয়। এই ক্ষেত্ৰত ওমান কর্তৃপক্ষই আগবঢ়োৱা সহযোগিতাৰ বাবে ভাৰতীয় দূতাবাসে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, বিদেশত কৰ্মৰত ভাৰতীয় নাবিকসকলৰ সুৰক...