♦ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানে ১০৭ দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্রণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱা নিশা এই কথা সদৰি কৰি কয়, যে এই চুক্তিৰ লগে লগে ইৰানৰ বন্দৰত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা ১৯ জুনত শান্তি চুক্তিত স্বাক্ষৰ কৰা হ’ব।
এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতেই অহা শুকুৰবাৰে হৰমুজ প্রণালী মুকলি কৰা হ’ব বুলি ট্রাম্পে প্ৰকাশ কৰিছে। তেওঁ কয়, যে এই চুক্তিয়ে সমগ্র মধ্যপ্রাচ্যলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব।
এই চুক্তিৰ অধীনত ইৰানৰ পৰমাণু সংবর্ধন আৰু ৬০ দিনৰ ভিতৰত অত্যাধিক সংবর্ধিত ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহ্বান জনোৱা হৈছে।
ইৰানৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব।
বিশ্ব নেতাসকলে আমেৰিকা আৰু ইৰানে তাৎক্ষণিক আৰু স্থায়ীভাৱে যুদ্ধবিৰতিৰ বাবে শান্তিচুক্তিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ ঘোষণাক আদৰণি জনাইছে। নেতাসকলে এই চুক্তিক অতি গুৰুত্বপূৰ্ণ কূটনৈতিক অগ্রগতি বুলি উল্লেখ কৰি কয়, যে ইয়াৰ জৰিয়তে পশ্চিম এছিয়াত স্থিৰতা ঘূৰাই অনাত সহায়ক হ’ব।
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ’ গুটেৰেছেও শান্তি চুক্তিৰ ঘোষণাক আদৰণি জনাইছে। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষত তেহৰানৰ কেইবাগৰাকী শীর্ষ নেতাই প্ৰাণ হেৰুৱায়।
ইয়াৰ ভিতৰত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই, সর্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানি, ইছলামিক ৰিভিলিউচানেৰী গাৰ্ড ক’পছৰ কামাণ্ডাৰ মহম্মদ পাকপ’ৰ, প্ৰতিৰক্ষা মন্ত্রী আজিজ নাছিৰযাদে অন্যতম।