June 23, 2026 2:17 PM

views 23

ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত হোৱা বুজাবুজিৰ চুক্তিত আদৰণি জনাইছে

ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত হোৱা বুজাবুজিৰ চুক্তিত আদৰণি জনাইছে। নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ দেশসমূহৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ ষোড়শ বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালে কয় যে এই বুজাবুজিয়ে সমগ্ৰ বিশ্বৰ শক্তি সুৰক্ষাক শক্তিশালী কৰি তুলিব। তেওঁ লগতে হৰমুজ প্রণালী পুনৰ মুকলি হোৱাৰ ব্যৱস্থাকো আদৰণি জনায় আৰু কয় যে এই প্ৰণালী মুকলি হ'লে যোগান শৃংখলাত চলি থকা বাধা আঁতৰিব। ইয়াৰ লগতে বিশ্বজুৰি হোৱা সাৰ আৰু ৰাসায়নিকৰ দৰে সামগ্ৰীৰ নাটনিও আঁতৰিব বুলি শ্রীদোভালে মন্ত...

June 23, 2026 2:12 PM

views 31

ৱাশ্বিংটনত ইজৰাইল-লেবাননৰ মাজৰ আলোচনাত আমেৰিকা যুক্তৰাষ্ট্ৰই আঁত ধৰিব

আমেৰিকা যুক্তৰাষ্ট্ৰই ৱাশ্বিংটনত চলা ইজৰাইল আৰু লেবাননৰ মাজৰ আলোচনাত আঁত ধৰিব। এই আলোচনাৰ জৰিয়তে যুদ্ধবিৰতিক দীৰ্ঘম্যাদী কৰাৰ লক্ষ্য লোৱাৰ লগতে দুয়োখন দেশৰ মাজত শান্তি-সুৰক্ষা বৰ্তাই ৰখাৰ উপায় উলিয়াবলৈ যত্ন কৰা হ'ব। আমেৰিকাৰ গৃহ বিভাগে প্ৰকাশ কৰা অনুসৰি দেশখনৰ গৃহ বিভাগৰ কাউন্সেলৰ ডান হ'লাৰ আৰু আন্তৰ্জাতিক সুৰক্ষা পৰিক্ৰমা বিভাগৰ অতিৰিক্ত প্ৰতিৰক্ষা সচিব ডান জিম্মাৰমেনে এই আলোচনাত নেতৃত্ব দিব। এখন যৌথ সামৰিক ৰাজনৈতিক অধিবেশনৰ জৰিয়তে এই বৈঠকৰ আৰম্ভণি কৰা হ'ব। ইয়াৰ পাছতে এখন সামৰিক বৈঠক অনুষ...

June 15, 2026 2:10 PM

views 44

১০৭ দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্রণালী মুকলি কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ চুক্তি চূড়ান্ত

♦ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানে ১০৭ দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্রণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱা নিশা এই কথা সদৰি কৰি কয়, যে এই চুক্তিৰ লগে লগে ইৰানৰ বন্দৰত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা ১৯ জুনত শান্তি চুক্তিত স্বাক্ষৰ কৰা হ'ব। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতেই অহা শুকুৰবাৰে হৰমুজ প্রণালী মুকলি কৰা হ'ব বুলি ট্রাম্পে প্ৰকাশ কৰিছে। তেওঁ কয়, যে এই চুক্তিয়ে সমগ্র মধ্যপ্র...

June 12, 2026 5:49 PM

views 40

ইজিপ্তৰ বৈদেশিক মন্ত্ৰালয়ে সম্ভাব্য কূটনৈতিক অগ্রগতি সন্দৰ্ভত ৱাছিংটন আৰু তেহৰান কৰ্তৃপক্ষক চুক্তি নিশ্চিত কৰিবলৈ আহ্বান জনাইছে

ইজিপ্তৰ বৈদেশিক মন্ত্ৰালয়ে সম্ভাব্য কূটনৈতিক অগ্রগতি সন্দৰ্ভত আশা প্রকাশ কৰি ৱাছিংটন আৰু তেহৰান কৰ্তৃপক্ষক চুক্তি নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইৰানৰ বিৰুদ্ধে হ'বলগীয়া সামৰিক আক্ৰমণ বাতিল সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে কৰা ঘোষণাক ইজিপ্তে প্ৰশংসা কৰিছে। এই ক্ষেত্ৰত কাইৰোই কূটনৈতিক সম্পৰ্কৰ বাবে নিজৰ স্থিতি স্পষ্ট কৰিছে। মন্ত্ৰালয়ে দৃঢ়তাৰে কয়, যে সমন্বয় আৰু সহযোগিতাৰে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সৈতে ...

December 27, 2025 8:13 PM

views 62

টাইৱানক অস্ত্ৰ-শস্ত্ৰ বিক্ৰীৰ ক্ষেত্ৰত ১০ গৰাকী ব্যক্তি আৰু ২০ টা আমেৰিকাৰ প্ৰতিৰক্ষা কোম্পানীৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ চীনৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ

চীনৰ বৈদেশিক মন্ত্ৰ্যালয়ে টাইৱানক অস্ত্ৰ-শস্ত্ৰ বিক্ৰী কৰাৰ ক্ষেত্ৰত ১০ গৰাকী ব্যক্তি আৰু ২০ টা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা কোম্পানীৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে বুলি ঘোষণা কৰিছে। ব্যক্তিসকলৰ ভিতৰত প্ৰতিৰক্ষা কোম্পানী এণ্ডুৰিল ইণ্ডাষ্ট্রীজৰ প্ৰতিষ্ঠাপক আৰু প্ৰতিবন্ধকতা আৰোপ কৰা ৯ টা কোম্পানীৰ জ্যেষ্ঠ কাৰ্যবাহী বিষয়াও আছে। এই বিষয়াসকলক চীনত প্ৰৱেশ কৰাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে। প্ৰতিবন্ধকতা আৰোপ কৰা কোম্পানীসমূহৰ ভিতৰত নৰ্থৰপ গ্ৰুমন চিষ্টেম্‌ছ কৰ্প'ৰেচন, এল থ্ৰী হেৰিচ মেৰিটাইম ছাৰ্ভি...

December 20, 2025 7:57 PM

views 76

নাচাৰ সৈতে মহাকাশযান মাৱেনৰ সংযোগ বিচ্ছিন্ন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাচাৰ সৈতে মহাকাশযান মাৱেনৰ সংযোগ বিচ্ছিন্ন হৈছে। বিগত দুসপ্তাহ ধৰি মহাকাশযানখনৰ পৰা কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই। ২০১৪ চনৰ পৰা মংগল গ্ৰহৰ পৰিৱেশ সম্পর্কে অধ্যয়ন চলাই থকা যানখনৰ পৰা নিয়মীয়া তথ্যৰ প্ৰেৰণ ব্যাহণ হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত যানখনে নিৰ্দিষ্ট পৰিসৰৰ পৰা বিচ্যুত হোৱাৰ আশংকা প্রকট হৈছে। ইপিনে, নাচাই সংস্থাটোৰ অন্যান্য অভিযানসমূহৰ জৰিয়তে মঙল গ্রহত ব্যাপক অন্বেষণ অব্যাহত ৰাখিছে।

December 18, 2025 4:51 PM

views 76

কৃত্রিম বুদ্ধিমত্তা আৰু অৰ্ধ পৰিবাহী খণ্ডৰ যোগান-শৃংখলাৰ বাবে ভাৰতক গুৰুত্বপূৰ্ণ সহযোগী হিচাপে গণ্য আমেৰিকাৰ

আমেৰিকা যুক্তৰাষ্ট্ৰই কৃত্রিম বুদ্ধিমত্তা আৰু অৰ্ধ পৰিবাহী খণ্ডৰ যোগান-শৃংখলাৰ বাবে ভাৰতক গুৰুত্বপূৰ্ণ সহযোগী হিচাপে গণ্য কৰে বুলি দেশখনৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ উপ-মন্ত্রী জেকব হেলবার্গে প্রকাশ কৰিছে। ৱাশ্বিংটনত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত উপ-মন্ত্ৰীগৰাকীয়ে কয়, যে তেওঁ অহা ফেব্ৰুৱাৰীত হ'বলগীয়া ভাৰত কৃত্রিম বুদ্ধিমত্তা শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ কয়, যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত চলি থকা বাণিজ্য ব্যৱস্থা সম্পৰ্কীয় আলোচনা আৰু যোগান শৃংখলাৰ সুৰক্ষা বিষয়ক আলোচনা সম্পূ...

September 12, 2025 12:31 PM

views 459

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক বিশ্বৰ গুৰুত্বপূৰ্ণ সম্পর্কসমূহৰ অন্যতম বুলি মন্তব্য ছৰ্জিঅ’ গ’ৰৰ

নতুন দিল্লীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্রদূত হিচাপে মনোনিত ছৰ্জিঅ' গ'ৰে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক বিশ্বৰ গুৰুত্বপূৰ্ণ সম্পর্কসমূহৰ অন্যতম বুলি মন্তব্য কৰিছে। দেশখনৰ উচ্চ সদন চিনেটত নিজৰ নিযুক্তিৰ সময়ত শ্ৰীগ'ৰে, ভাৰতক দেশখনৰ কৌশলগত সহযোগী বুলি অভিহিত কৰে। তেওঁ কয়, যে ভাৰতৰ ভৌগোলিক অৱস্থান, আর্থিক বিকাশ আৰু সামৰিক সামৰ্থই দেশখনক আঞ্চলিক সুস্থিৰতা মূল স্তম্ভ কৰি তোলে। উমৈহতীয়া সমৃদ্ধি আৰু সুৰক্ষাৰ স্বাৰ্থ আগুৱাই নিয়াৰ দিশৰ পৰাও ভাৰত গুৰুত্বপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে। শ্ৰীগ'ৰ...

September 4, 2025 12:01 PM

views 71

ট্রাম্পৰ শুল্ক ব্যৱস্থাই ভাৰতত বিপৰীত প্ৰতিক্ৰিয়াৰহে সৃষ্টি কৰিছে

● আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে কালি ভাৰতৰ সৈতে থকা বাণিজ্যিক সম্পৰ্কৰ বিষয়ে পুনৰ সমালোচনা কৰাৰ পিছত আমেৰিকাৰ সংবাদ মাধ্যমসমূহে কৈছে যে, ট্রাম্পৰ শুল্ক ব্যৱস্থাই ভাৰতত বিপৰীত প্ৰতিক্ৰিয়াৰহে সৃষ্টি কৰিছে। দ্যা ৱাল্ ষ্ট্ৰীট জাৰ্ণেলে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতত আমেৰিকাৰ শুল্কৰ প্ৰভাৱ বিষয়ক এটি চমু বিৱৰণী প্ৰকাশ কৰিছে। ইয়াৰ শিৰোনাম হৈছে- ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ জৰিমণা হিচাপে ট্রাম্পে ভাৰতত শুল্ক বৃদ্ধি কৰিছে যদিও ইয়াৰ বিপৰীত প্ৰতিক্ৰিয়া কিয় দেখা গৈছে। এই সন্দৰ্ভত বিশ্লেষ...

August 16, 2025 8:08 PM

views 55

আমেৰিকা যুক্তৰাষ্ট্ৰই অহাবৰ্ষত অনুষ্ঠিত হ’বলগা ১৯ বছৰ অনুৰ্ধ পুৰুষৰ বিশ্বকাপৰ মূল পর্বত খেলাৰ বাবে যোগ্যতা অৰ্জন

আমেৰিকা যুক্তৰাষ্ট্ৰই অহাবৰ্ষত অনুষ্ঠিত হ'বলগা ১৯ বছৰ অনুৰ্ধ পুৰুষৰ বিশ্বকাপৰ মূল পর্বত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। জর্জিয়াৰ ৰাইডেলত চলি থকা যোগ্যতা নির্নয়কাৰী খেলসমূহত অধিনায়ক অর্জুন মাহেশৰ নেতৃত্বত শক্তিশালী প্ৰদৰ্শনেৰে আমেৰিকাই কানাডা, বার্মুডা, আৰু আর্জেন্টিনাক পৰাস্ত কৰি বিশ্বকাপলৈ যোগ্যতা লাভ কৰিছে। জিম্বাবৱে আৰু নামিবিয়াই যুটীয়াভাৱে আয়োজন কৰিব লগা বিশ্বকাপৰ আন ১৫ টা দ'ল হৈছে যোৱাবাৰৰ বিজয়ী অষ্ট্ৰেলিয়া, আয়োজক জিম্বাবৱে, ভাৰত, ইংলেণ্ড, পাকিস্তান, দক্ষিণ আফ্রিকা, শ্রী লংকা, নিউজ...