চীনৰ বৈদেশিক মন্ত্ৰ্যালয়ে টাইৱানক অস্ত্ৰ-শস্ত্ৰ বিক্ৰী কৰাৰ ক্ষেত্ৰত ১০ গৰাকী ব্যক্তি আৰু ২০ টা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা কোম্পানীৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে বুলি ঘোষণা কৰিছে। ব্যক্তিসকলৰ ভিতৰত প্ৰতিৰক্ষা কোম্পানী এণ্ডুৰিল ইণ্ডাষ্ট্রীজৰ প্ৰতিষ্ঠাপক আৰু প্ৰতিবন্ধকতা আৰোপ কৰা ৯ টা কোম্পানীৰ জ্যেষ্ঠ কাৰ্যবাহী বিষয়াও আছে। এই বিষয়াসকলক চীনত প্ৰৱেশ কৰাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে। প্ৰতিবন্ধকতা আৰোপ কৰা কোম্পানীসমূহৰ ভিতৰত নৰ্থৰপ গ্ৰুমন চিষ্টেম্ছ কৰ্প’ৰেচন, এল থ্ৰী হেৰিচ মেৰিটাইম ছাৰ্ভিচেছ আৰু বয়িঙৰ চেণ্ট লুইচ শাখা অন্যতম।
Assamese | December 27, 2025 8:13 PM | Akashvani | Akashvani News | America | China | USA
টাইৱানক অস্ত্ৰ-শস্ত্ৰ বিক্ৰীৰ ক্ষেত্ৰত ১০ গৰাকী ব্যক্তি আৰু ২০ টা আমেৰিকাৰ প্ৰতিৰক্ষা কোম্পানীৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ চীনৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ