ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত হোৱা বুজাবুজিৰ চুক্তিত আদৰণি জনাইছে

ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত হোৱা বুজাবুজিৰ চুক্তিত আদৰণি জনাইছে। নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ দেশসমূহৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ ষোড়শ বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালে কয় যে এই বুজাবুজিয়ে সমগ্ৰ বিশ্বৰ শক্তি সুৰক্ষাক শক্তিশালী কৰি তুলিব।

তেওঁ লগতে হৰমুজ প্রণালী পুনৰ মুকলি হোৱাৰ ব্যৱস্থাকো আদৰণি জনায় আৰু কয় যে এই প্ৰণালী মুকলি হ’লে যোগান শৃংখলাত চলি থকা বাধা আঁতৰিব।

ইয়াৰ লগতে বিশ্বজুৰি হোৱা সাৰ আৰু ৰাসায়নিকৰ দৰে সামগ্ৰীৰ নাটনিও আঁতৰিব বুলি শ্রীদোভালে মন্তব্য দিয়ে। তেওঁ অঞ্চলটোত সামুদ্রিক স্বাধীনতা ৰক্ষাত গুৰুত্ব দিয়ে।

শ্রীদোভালে কয় যে সামৰিক সংঘাত, ভৌগোলিক অনিশ্চয়তা, অর্থনৈতিক কাঠিন্য আৰু প্ৰযুক্তিত আহি পৰা বাধাই সৃষ্টি কৰা এই সময়ছোৱাত বিশ্ব কঠিন সময়ৰ মাজেদি অগ্ৰসৰ হ’বলগীয়া হৈছে। তেওঁ ব্ৰিকছৰ অন্তৰ্গত দেশসমূহক দ্ৰুত পৰিৱৰ্তনশীল বিশ্বত বিশেষ ভূমিকা ল’বলৈ আহ্বান জনায়।