August 1, 2026 8:30 PM

views 21

ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালক ২০২৬ বৰ্ষৰ লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান

ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালক ২০২৬ বৰ্ষৰ লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে। লোকমান্য তিলত স্মাৰক ন্যাসে আজি পুণেত আয়োজন কৰা এটা অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে শ্রীডোভালক এই বঁটা প্ৰদান কৰে।  লোকমান্য বাল গঙ্গাধৰ তিলকৰ ১০৬ সংখ্যক মৃত্যুবার্ষিকীৰ সৈতে সংগতি ৰাখি শ্ৰীডোভালক এই বঁটাৰে সন্মানিত কৰা হৈছে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীশ্বাহে কয়, যে অজিত ডোভালে দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ কয়, যে প্রধানমন্ত্ৰী...

June 23, 2026 2:17 PM

views 24

ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত হোৱা বুজাবুজিৰ চুক্তিত আদৰণি জনাইছে

ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত হোৱা বুজাবুজিৰ চুক্তিত আদৰণি জনাইছে। নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ দেশসমূহৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ ষোড়শ বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালে কয় যে এই বুজাবুজিয়ে সমগ্ৰ বিশ্বৰ শক্তি সুৰক্ষাক শক্তিশালী কৰি তুলিব। তেওঁ লগতে হৰমুজ প্রণালী পুনৰ মুকলি হোৱাৰ ব্যৱস্থাকো আদৰণি জনায় আৰু কয় যে এই প্ৰণালী মুকলি হ'লে যোগান শৃংখলাত চলি থকা বাধা আঁতৰিব। ইয়াৰ লগতে বিশ্বজুৰি হোৱা সাৰ আৰু ৰাসায়নিকৰ দৰে সামগ্ৰীৰ নাটনিও আঁতৰিব বুলি শ্রীদোভালে মন্ত...

September 13, 2024 5:48 PM

views 75

দ্বিপাক্ষিক সম্পর্ক স্বাভাৱিক কৰি তোলাৰ বাবে সকলো এলেকাত শান্তি আৰু বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাৰ প্ৰতি সন্মান অতি জৰুৰীঃ অজিত দোভাল

ভাৰত আৰু চীনে নিয়ন্ত্ৰণ ৰেখাৰ বাকী এলেকাসমূহৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি অহাৰ প্ৰয়াসৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল আৰু চীনৰ কমিউনিষ্ট পাৰ্টীৰ পোলিত ব্যুৰোৰ সদস্য তথা কেন্দ্ৰীয় বিদেশ পৰিক্ৰমা আয়োগৰ সঞ্চালক ৱাং য়িৰ মাজত কালি ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গত হোৱা বৈঠকত এই বিষয়ত সহমত গঢ়ি উঠে। ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ সুৰক্ষা বিষয়ৰ বাবে দায়িত্বত থকা উচ্চ পৰ্যায়ৰ বিষয়া আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাসকলৰ বৈঠকত ভাগ লোৱাৰ সুযোগ...

June 18, 2024 4:56 PM

views 67

জটিল আৰু উদীয়মান প্ৰযুক্তি-ICETৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ পদক্ষেপৰ বিষয়ে অনুষ্ঠিত বৈঠকত অজিত ডোভালৰ অধ্যক্ষতা

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে নতুন দিল্লীত কালি জটিল আৰু উদীয়মান প্ৰযুক্তি-ICETৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ পদক্ষেপৰ বিষয়ে অনুষ্ঠিত এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত তেওঁৰ সৈতে আমেৰিকাৰ নিৰাপত্তা উপদেষ্টা জেক ছুলিভানেও অংশগ্ৰহণ কৰি কৌশলগত প্রযুক্তি অংশীদাৰিত্বৰ পৰৱৰ্তী পদক্ষেপ নিৰ্ধাৰণ কৰে। হোৱাইট হাউছে কৈছে যে দুয়োপক্ষই সহ উৎপাদন, সহ বিকাশ আৰু অনুসন্ধান তথা উন্নয়নৰ সুযোগসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। আমেৰিকান, ভাৰতীয় তথা সমগ্ৰ বিশ্বৰ জনসাধাৰণৰ অংশীদাৰসকলক সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য প...

June 13, 2024 7:21 PM

views 70

অজিত দোভালক যোৱা ১০ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

কেন্দ্ৰীয় কেবিনেটৰ নিযুক্তি সমিতিয়ে ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া অজিত দোভালক যোৱা ১০ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তিত অনুমোদন জনাইছে। বৰ্তমানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালৰ সামৰণিলৈ বা পৰৱৰ্ত্তী নিৰ্দেশ নিদিয়া পর্যন্ত তেওঁৰ কাৰ্যকাল অব্যাহত থাকিব। ইপিনে, নিযুক্তি সমিতিয়ে আজি ভাৰতীয় প্রশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ড০ পি কে মিশ্রক ১০ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব হিচাপে নিযুক্তি দিছে। শ্ৰীদোভাল আৰু ড০ মিশ্ৰই কাৰ্যকালৰ সময়ছ...