ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালক ২০২৬ বৰ্ষৰ লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে। লোকমান্য তিলত স্মাৰক ন্যাসে আজি পুণেত আয়োজন কৰা এটা অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে শ্রীডোভালক এই বঁটা প্ৰদান কৰে।
লোকমান্য বাল গঙ্গাধৰ তিলকৰ ১০৬ সংখ্যক মৃত্যুবার্ষিকীৰ সৈতে সংগতি ৰাখি শ্ৰীডোভালক এই বঁটাৰে সন্মানিত কৰা হৈছে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীশ্বাহে কয়, যে অজিত ডোভালে দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে জড়িত অত্যন্ত গুৰুত্বপূৰ্ণ বিভিন্ন সিদ্ধান্তৰ কাৰ্য ৰূপায়ণৰ ক্ষেত্ৰত শ্ৰীডোভালে নির্ণায়ক ভূমিকা পালন কৰি আহিছে।
শ্ৰীশ্বাহে লগতে কয়, যে ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা অনবদ্য সেৱাৰ স্বীকৃতি স্বৰূপে শ্রীডোভালক এই বঁটাৰে সন্মানিত কৰা হৈছে। বঁটা গ্ৰহণ কৰি শ্ৰীডোভালে এই সন্মানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰীৰ নেতৃত্বত ভাৰত এখন শক্তিশালী আৰু অধিক দক্ষ ৰাষ্ট্ৰ হিচাপে আগবাঢ়ি গৈছে। তেওঁ দেশৰ সকলো নাগৰিকক এখন বিকশিত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত আগ-ভাগ ল’বলৈ আহ্বান জনায়।