ৱাশ্বিংটনত ইজৰাইল-লেবাননৰ মাজৰ আলোচনাত আমেৰিকা যুক্তৰাষ্ট্ৰই আঁত ধৰিব

আমেৰিকা যুক্তৰাষ্ট্ৰই ৱাশ্বিংটনত চলা ইজৰাইল আৰু লেবাননৰ মাজৰ আলোচনাত আঁত ধৰিব। এই আলোচনাৰ জৰিয়তে যুদ্ধবিৰতিক দীৰ্ঘম্যাদী কৰাৰ লক্ষ্য লোৱাৰ লগতে দুয়োখন দেশৰ মাজত শান্তি-সুৰক্ষা বৰ্তাই ৰখাৰ উপায় উলিয়াবলৈ যত্ন কৰা হ’ব।

আমেৰিকাৰ গৃহ বিভাগে প্ৰকাশ কৰা অনুসৰি দেশখনৰ গৃহ বিভাগৰ কাউন্সেলৰ ডান হ’লাৰ আৰু আন্তৰ্জাতিক সুৰক্ষা পৰিক্ৰমা বিভাগৰ অতিৰিক্ত প্ৰতিৰক্ষা সচিব ডান জিম্মাৰমেনে এই আলোচনাত নেতৃত্ব দিব। এখন যৌথ সামৰিক ৰাজনৈতিক অধিবেশনৰ জৰিয়তে এই বৈঠকৰ আৰম্ভণি কৰা হ’ব।

ইয়াৰ পাছতে এখন সামৰিক বৈঠক অনুষ্ঠিত হ’ব আৰু তাৰ পাছতে চূড়ান্ত ৰাজনৈতিক আলোচনা আৰম্ভ হ’ব। এজন চৰকাৰী বিষয়াই প্ৰকাশ কৰা অনুসৰি চুবুৰীয়া দেশ ইজৰাইল আৰু লেবাননৰ মাজত থকা সীমান্ত বিবাদৰ মীমাংসাৰ বাবে এই আলোচনাত উপায় বিচৰা হ’ব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি দেশখনৰ গৃহ সচিব মার্কো ৰুবিঅ’ই ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতানাহু আৰু লেবাননৰ ৰাষ্ট্ৰপতি যোচেফ আউনৰ সৈতে শুকুৰবাৰে মত-বিনিময় কৰে। জানিব পৰা মতে আলোচনাৰ বাবে আহিবলগীয়া ইজৰাইল আৰু লেবাননৰ প্ৰতিনিধিবর্গ ৱাশ্বিংটনত কেইবাদিনো থাকিব।