ভূপালত আজিৰে পৰা ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ সংস্কৃতি কাৰ্যগোটৰ তৃতীয়খন বৈঠক

ভূপালত আজিৰে পৰা ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ সংস্কৃতি কাৰ্যগোটৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হ’ব। ব্ৰীকছ ২০২৬ৰ অধ্যক্ষ হিচাপে ভাৰতে এই দুদিনীয়া বৈঠকৰ আয়োজন কৰিছে। সাংস্কৃতিক মন্ত্রালয়ে প্রকাশ কৰা অনুসৰি এই বৈঠকত ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিসকলক একত্ৰিত কৰি সাংস্কৃতিক সহযোগিতা অধিক শক্তিশালী কৰি তোলাৰ লগতে সদস্য ৰাষ্ট্ৰসমূহৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠকৰ পূৰ্বে গুৰুত্বপূর্ণ বিষয়সমূহত সহমত গঢ়ি তোলাৰ প্ৰয়াস কৰা হ’ব।

বৈঠকত ‘সৃষ্টিশীল অর্থনীতি, সাংস্কৃতিক আৰু সৃষ্টিশীল উদ্যোগ, কপিৰাইট আৰু কৃত্রিম বুদ্ধিমত্তা’ বিষয়ত বিশেষ আলোচনা কৰা হ’ব। ‘সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা আৰু সাংস্কৃতিক সম্পত্তি ঘূৰাই দিয়া’ তথা ‘সংস্কৃতি, জলবায়ু আৰু বহনক্ষম উন্নয়ন’ বিষয় দুটায়ো আলোচনাত আগস্থান পাব বুলি মন্ত্রালয়ে প্ৰকাশ কৰিছে।

ব্ৰীকছৰ অধ্যক্ষতাৰ সময়ছোৱাত সাংস্কৃতিক সহযোগিতা শক্তিশালী কৰা আৰু সংস্কৃতিৰ জৰিয়তে সৰ্বাত্মক তথা বহনক্ষম বিকাশৰ পোষকতাৰ বাবে থকা ভাৰতৰ প্ৰতিশ্ৰুতিক এই বৈঠকে প্রতিফলিত কৰিব বুলিও মন্ত্ৰালয়ে জানিবলৈ দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।