August 5, 2026 12:21 PM

views 16

ভূপালত আজিৰে পৰা ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ সংস্কৃতি কাৰ্যগোটৰ তৃতীয়খন বৈঠক

ভূপালত আজিৰে পৰা ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ সংস্কৃতি কাৰ্যগোটৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হ'ব। ব্ৰীকছ ২০২৬ৰ অধ্যক্ষ হিচাপে ভাৰতে এই দুদিনীয়া বৈঠকৰ আয়োজন কৰিছে। সাংস্কৃতিক মন্ত্রালয়ে প্রকাশ কৰা অনুসৰি এই বৈঠকত ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিসকলক একত্ৰিত কৰি সাংস্কৃতিক সহযোগিতা অধিক শক্তিশালী কৰি তোলাৰ লগতে সদস্য ৰাষ্ট্ৰসমূহৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠকৰ পূৰ্বে গুৰুত্বপূর্ণ বিষয়সমূহত সহমত গঢ়ি তোলাৰ প্ৰয়াস কৰা হ'ব। বৈঠকত ‘সৃষ্টিশীল অর্থনীতি, সাংস্কৃতিক আৰু সৃষ্টিশীল উদ্যোগ, কপিৰাইট ...