নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান অহা ১৬ আগষ্টৰ পৰা জনসাধাৰণৰ বাবে মুকলি

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান অহা ১৬ আগষ্টৰ পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ’ব। ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্ষিক গ্ৰীষ্মকালীন কাৰ্যসূচীৰ অংশ হিচাপে ১৫ ছেপ্তেম্বৰ পৰ্যন্ত এমাহৰ বাবে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বিনামূলীয়াকৈ এই উদ্যান মুকলি ৰখা হ’ব।

অৱশ্যে বিয়লি ৫ বজাৰ পাছত উদ্যানখনত প্ৰৱেশ বন্ধ কৰি দিয়া হ’ব। এই সময়ছোৱাত প্ৰতি সোমবাৰে উদ্যান বন্ধ ৰখা হ’ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত বিবৃতি অনুসৰি ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্রীড়া দিৱস আৰু ৫ ছেপ্তেম্বৰত শিক্ষক দিৱস উপলক্ষে এই দুটা দিনত ক্ৰমে ক্ৰীড়াবিদ আৰু শিক্ষকসকললৈ উদ্যানত বিশেষ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হ’ব।

উদ্যানত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে নর্থ এভিনিউ পথৰ সমীপত থকা ৩৫ নম্বৰ দ্বাৰ ব্যৱহাৰ কৰিবলৈ জনসাধাৰণক বিবৃতিযোগে আহ্বান জনোৱা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটৰ জৰিয়তে উদ্যান পৰিদৰ্শনৰ সময় আগতীয়াভাৱে পঞ্জীয়ন কৰিবলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছে।