ৰাষ্ট্ৰীয়

August 21, 2026 8:21 PM

views 33

পুনেত BRICS ৰাষ্ট্ৰগোষ্ঠীৰ যোগাযোগ মন্ত্রীসকলৰ দ্বাদশ বৈঠকৰ সামৰণি

আমাৰ দেশে এটা বহনক্ষম, বিশ্বাসী, উদ্ভাবনীমূলক, শক্তিশালী আৰু সর্বাত্মক ডিজিটেল ভৱিষ্যত গঢ়ি তোলাৰ লক্ষ্য নির্ধাৰণ কৰিছে বুলি কেন্দ্ৰীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই প্রকাশ কৰিছে। পুনেত আজি BRICS ৰাষ্ট্ৰগোষ্ঠীৰ যোগাযোগ মন্ত্রীসকলৰ দ্বাদশ বৈঠকৰ সামৰণি সত্ৰত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতে ডিজ...

August 21, 2026 8:19 PM

views 18

ষ্টার্টআপৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ২০ টা মহাকাশ ষ্টার্টআপৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। আলোচনাৰ সময়ছোৱাত শ্রীমোদীয়ে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নীতকৰণৰ ক্ষেত্ৰত মহাকাশ প্ৰযুক্তিৰ বৃহত্তৰ কাৰ্যকাৰিতাৰ হকে পোষকতা কৰে। আমাৰ দেশৰ মহাকাশ খণ্ডই বিশ্ব পৰ্যা...

August 21, 2026 6:39 PM

views 35

সমগ্র শিক্ষা অসমে শিক্ষা যাত্রা : প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীৰ্ষক বিশেষ পদক্ষেপ আৰম্ভ

সমগ্র শিক্ষা অসমে শিক্ষা যাত্রা : প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীৰ্ষক বিশেষ পদক্ষেপ আৰম্ভ কৰিছে ২০২৬-২৭ বিত্তীয় বৰ্ষত বিদ্যালয়ৰ বৰ্হিভূত শিশুসকলক চিনাক্ত কৰি বিদ্যালয়ত নামভৰ্তি কৰাই পুনৰ শিক্ষাৰ মূলসুঁতিলৈ ঘূৰাই অনাৰ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। গুৱাহাটীৰ জ্যোতি-ব...

August 21, 2026 6:38 PM

views 43

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক তেওঁৰ নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি শিক্ষা, খাদ্য, অসামৰিক যোগান আৰু নৱীকৰণযোগ্য শক্তিকে ধৰি ৰাজ্যৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহক লৈ আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ...

August 19, 2026 8:34 PM

views 30

কেন্দ্রীয় কেবিনেটে আজি ৪ টা ৰে’ল প্ৰকল্প আৰু এটা ঘাইপথ প্ৰকল্পকে ধৰি ৫ টা প্ৰকল্পত অনুমোদন জনাইছে

কেন্দ্রীয় কেবিনেটে আজি ৪ টা ৰে'ল প্ৰকল্প আৰু এটা ঘাইপথ প্ৰকল্পকে ধৰি ৫ টা প্ৰকল্পত অনুমোদন জনাইছে। আজি নতুন দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদ মাধ্যমৰ আগত কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্রীয় কেবিনেটে আজি ১৩ হাজাৰ ৪১ কোটি টকাৰ প্...

August 19, 2026 8:33 PM

views 30

মহাৰাজা বীৰ বিক্ৰম কিশোৰ মানিক্য বাহাদুৰৰ ১১৮ সংখ্যক জন্ম জয়ন্তীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শ্রদ্ধাঞ্জলি

আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মানিক্য বাহাদুৰৰ ১১৮ সংখ্যক জন্ম জয়ন্তীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰীসিঙে কয় যে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মানিক্য বাহাদুৰে ত্ৰিপুৰাৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল। যাৰ ফলস্বৰূপে তেওঁৰ শাসনকালত কৃষি স্...

August 19, 2026 8:24 PM

views 23

গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ তামিলনাডুৰ মহাৱলীপূৰমত দক্ষিণ খণ্ড পৰিষদৰ বৈঠকত সভাপতিত্ব কৰিব

গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ তামিলনাডুৰ মহাৱলীপূৰমত দক্ষিণ খণ্ড পৰিষদৰ বৈঠকত সভাপতিত্ব কৰিব। এই পৰিষদত অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰালা, তামিলনাডু আৰু তেলেংগানাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰী, আন্দামান নিকোবৰ আৰু লক্ষদ্বীপ সন্নিবিষ্ট আছে। দক্ষিণ অঞ্চলৰ সদস্য ৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উ...

August 19, 2026 8:24 PM

views 35

প্রযুক্তি, সংবাদমাধ্যম, অর্থনীতি আৰু ৰাজহুৱা খণ্ডৰ নীতি- নির্দেশনাসমূহ দ্রুতগতিত পৰিৱৰ্তিত হৈছেঃ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে প্রযুক্তি, সংবাদমাধ্যম, অর্থনীতি আৰু ৰাজহুৱা খণ্ডৰ নীতি- নির্দেশনাসমূহ দ্রুতগতিত পৰিৱৰ্তিত হৈছে। ভাৰতীয় তথ্যসেৱা আৰু ভাৰতীয় পৰিসংখ্যা সেৱাৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎকাৰৰ সময়ত তেওঁ এই কথা সদৰি কৰে। এই সন্দৰ্ভত বিষয়াসক...

August 19, 2026 6:59 PM

views 18

জম্মু-কাশ্মীৰৰ ৰিয়াচী জিলাত কালি সংঘটিত এটা দুৰ্ঘটনাত একে পৰিয়ালৰে ৩জন লোক নিহত হোৱাৰ লগতে আন ২জন আহত

জম্মু-কাশ্মীৰৰ ৰিয়াচী জিলাত কালি সংঘটিত এটা দুৰ্ঘটনাত একেতা পৰিয়ালৰে তিনিজন লোক নিহত হোৱাৰ লগতে আন দুজন আহত হয়। উল্লেখযোগ্য যে এখন বাহনে পাহাৰীয়া পথেৰে যাত্ৰাৰ কৰাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই কাষৰ দ' খাৱৈত পৰাৰ ফলত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। আহত দুগৰাকীক ততালিকে হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আন...

August 19, 2026 6:51 PM

views 17

কলকাতাৰ নিউ মার্কেট প্লেচ অঞ্চলৰ এখন হোটেলত আজি পুৱতি নিশা সংঘটিত অগ্নিকাণ্ডত ৯ জন লোকৰ মৃত্যু

পশ্চিমবংগৰ ৰাজধানী কলকাতাৰ নিউ মার্কেট প্লেচ অঞ্চলৰ এখন হোটেলত আজি পুৱতি নিশা সংঘটিত এটা অগ্নিকাণ্ডৰ ঘটনাত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৬জন আহত হয়। আৰক্ষী সূত্ৰই সদৰি কৰা মতে অগ্নিকাণ্ডৰ ঘটনাটো যোৱা নিশা ২ মান বজাত সংঘটিত হৈছিল আৰু হোটেলখন থকা অট্টালিকাটো জুই আৰু ধোঁৱাই আগুৰি ধৰিছিল। প্ৰাথমিক অনু...