কলকাতাৰ নিউ মার্কেট প্লেচ অঞ্চলৰ এখন হোটেলত আজি পুৱতি নিশা সংঘটিত অগ্নিকাণ্ডত ৯ জন লোকৰ মৃত্যু

পশ্চিমবংগৰ ৰাজধানী কলকাতাৰ নিউ মার্কেট প্লেচ অঞ্চলৰ এখন হোটেলত আজি পুৱতি নিশা সংঘটিত এটা অগ্নিকাণ্ডৰ ঘটনাত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৬জন আহত হয়। আৰক্ষী সূত্ৰই সদৰি কৰা মতে অগ্নিকাণ্ডৰ ঘটনাটো যোৱা নিশা ২ মান বজাত সংঘটিত হৈছিল আৰু হোটেলখন থকা অট্টালিকাটো জুই আৰু ধোঁৱাই আগুৰি ধৰিছিল।

প্ৰাথমিক অনুসন্ধানত লাভ কৰা তথ্যমতে হোটেলখনত অগ্নি নির্বাপনৰ কোনো সুৰক্ষা ব্যৱস্থা ৰখা হোৱা নাছিল। যাৱতীয় সুৰক্ষা অবিহনে ৰাজধানীৰ মাজমজিয়াত পাঁচ মহলীয়া হোটেল নিৰ্মাণ কৰাৰ বাবে কিদৰে বিভাগীয় অনুমতি লাভ কৰিছে- এই দিশটোৱে বৰ্তমান সচেতন মহলৰ মাজত প্ৰশ্ন উত্থাপন কৰিছে।

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শোকাৱহ দুৰ্ঘটনাত গভীৰ শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে দুৰ্ঘটনাত নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

তেওঁ আহত লোকসকলৰো আশু আৰোগ্য কামনা কৰিছে। ইফালে সামাজিক মাধ্যমত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ো দুৰ্ঘটনাগ্রস্ত জনসাধাৰণক সহায় কৰিবলৈ জিলা প্ৰশাসনক সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। তেওঁ এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।