August 19, 2026 6:51 PM

কলকাতাৰ নিউ মার্কেট প্লেচ অঞ্চলৰ এখন হোটেলত আজি পুৱতি নিশা সংঘটিত অগ্নিকাণ্ডত ৯ জন লোকৰ মৃত্যু

পশ্চিমবংগৰ ৰাজধানী কলকাতাৰ নিউ মার্কেট প্লেচ অঞ্চলৰ এখন হোটেলত আজি পুৱতি নিশা সংঘটিত এটা অগ্নিকাণ্ডৰ ঘটনাত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৬জন আহত হয়। আৰক্ষী সূত্ৰই সদৰি কৰা মতে অগ্নিকাণ্ডৰ ঘটনাটো যোৱা নিশা ২ মান বজাত সংঘটিত হৈছিল আৰু হোটেলখন থকা অট্টালিকাটো জুই আৰু ধোঁৱাই আগুৰি ধৰিছিল। প্ৰাথমিক অনুসন্ধানত লাভ কৰা তথ্যমতে হোটেলখনত অগ্নি নির্বাপনৰ কোনো সুৰক্ষা ব্যৱস্থা ৰখা হোৱা নাছিল। যাৱতীয় সুৰক্ষা অবিহনে ৰাজধানীৰ মাজমজিয়াত পাঁচ মহলীয়া হোটেল নিৰ্মাণ কৰাৰ বাবে কিদৰে বিভাগীয় অনুমতি লাভ কৰিছে- ...