জম্মু-কাশ্মীৰৰ ৰিয়াচী জিলাত কালি সংঘটিত এটা দুৰ্ঘটনাত একে পৰিয়ালৰে ৩জন লোক নিহত হোৱাৰ লগতে আন ২জন আহত

জম্মু-কাশ্মীৰৰ ৰিয়াচী জিলাত কালি সংঘটিত এটা দুৰ্ঘটনাত একেতা পৰিয়ালৰে তিনিজন লোক নিহত হোৱাৰ লগতে আন দুজন আহত হয়।

উল্লেখযোগ্য যে এখন বাহনে পাহাৰীয়া পথেৰে যাত্ৰাৰ কৰাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই কাষৰ দ’ খাৱৈত পৰাৰ ফলত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। আহত দুগৰাকীক ততালিকে হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

আনহাতে কালি নিশা সংঘটিত আন এটা দুৰ্ঘটনাত ৬জন লোক গুৰুতৰভাবে আহত হয়। ঘটনাৰ তথ্যমতে জম্মু-কাশ্মীৰ ৰাজৌৰী জিলাৰ খাৱাছ অঞ্চলৰ এখন গাঁৱৰ মাজেৰে আহি থকা যাত্রীবাহী এখন বাহন কাষৰ পথাৰত পৰি যোৱাৰ ফলত এই দুর্ঘটনা সংঘটিত হয়। আহতসকলক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।